ETV Bharat / jagte-raho

হোজাইত নৱবিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Aug 8, 2020, 9:54 PM IST

Updated : Aug 8, 2020, 10:15 PM IST

স্বামীগৃহৰ বাথৰুমতে ডিঙিত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ নৱবিবাহিতা শিৱানী দাসৰ মৃতদেহ ৷ পৰিয়ালকেন্দ্ৰিক কাজিয়াৰ পৰিণতিতে নৱবিবাহিতা মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ ৷

হোজাইত নৱবিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যু
হোজাইত নৱবিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যু

হোজাই, 9 আগষ্টঃ হোজাইত নৱবিবাহিতা এগৰাকী মহিলাৰ মৃহদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ নিজৰ ঘৰৰ গা ধোৱা ঘৰত পিন্ধি থকা শাৰীৰেই ছিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ পৰিয়াল কেন্দ্ৰীক কাজিয়াৰ বাবেই মহিলা গৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বহুতে ৷

মৃত মহিলা গৰাকীৰ নাম শিৱানী দাস ৷ এবছৰ মানৰ পূৰ্বে তেওঁ মানিক পাল নামৰ লোক এজনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৷ বিবাহৰ পিছৰে পৰা পত্নী ধুনীয়া নোহোৱাৰ বাবে স্বামীয়ে মহিলাগৰাকীক অকথ্য নিৰ্যাতন চলাই অহা বুলি অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে শিৱানী দাসৰ পিতৃগৃহৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷

ঘটনাস্থলীত দণ্ডাধীশ সহ হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ হোজাই আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তত উন্মোচিত হ'ব এয়া হত্যা নে আত্মহত্যা ৷

লগতে পঢ়কঃ গাওঁবাসীৰ প্ৰকৃতি প্ৰেমঃ বনৰ ধনেশ এতিয়া ঘৰচীয়া

Last Updated : Aug 8, 2020, 10:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.