গুৱাহাটী, 17 আগষ্ট : মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এগৰাকী মহিলাৰ নিৰুদ্দেশৰ ঘটনা । বিগত 12 আগষ্টত সন্ধিয়া ঘৰৰ পৰা ওলাই আহি সন্ধানহীন হৈ আছে ৰুবী দাস নামৰ মহিলাগৰাকী ।
পাণ্ডু কলেজ গেটৰ মহিলাগৰাকীয়ে বন্ধন বেংকৰ কাৰ্যালয়ত যোৱাৰ উদ্দেশ্যে নিজৰ ঘৰৰ পৰা ওলাই আহিছিল । কিন্তু ঘৰৰ পৰা ওলাই অহাৰ পিচৰে পৰাই মহিলাগৰাকী ঘৰলৈ উভতি অহা নাই ৷ ৰুবী দাস দুুটাকৈ সন্তানৰ মাতৃ । স্বামীৰ পৰিয়ালে বহু বিছাৰ-খোছাৰ কৰিছে যদিও মহিলাগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাই ৷
যাৰ বাবে শোকত ভাগি পৰিছে স্বামী দেবু দাস । ইতিমধ্যেই জালুকবাৰী আৰক্ষী থানাত পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে স্বামীয়ে । তদুপৰি যদিহে কোনোৱে মহিলাগৰাকীৰ সম্ভেদ লাভ কৰে তেন্তে 8638502100 অথবা আৰক্ষীক খবৰ দিবলৈ কাতৰ আহ্বান জনাইছে স্বামী দেবু দাসে ।
লগতে পঢ়কঃ তিনিচুকীয়াত পুত্ৰ সহ নিৰুদ্দেশ মহিলা