নাৰায়নপুৰ, 17 জানুৱাৰী : নাৰায়ণপুৰৰ ধলপুৰ হৰিদাসত সংঘটিত হয় নৃশংস হত্যাকাণ্ড । পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ মাখন হাজৰিকাৰ । নিশা পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত পত্নী ৰূপা হাজৰিকাই ৰদেৰে মৰিয়াই হত্যা কৰে স্বামীক ।
স্বামী মাখন হাজৰিকা দ্বাদশ অসম আৰক্ষী বেটালিয়নৰ হাবিলদাৰ ৰূপে কৰ্মৰত আছিল । ইতিমধ্যে হত্যাকাৰী পত্নীক ধলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : হাইলাকান্দিত সক্ৰিয় বাইক চোৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান