ETV Bharat / jagte-raho

লস্কৰ-ই-তৈবাৰ লক্ষ্য়ত প্ৰধানমন্ত্ৰীকে ধৰি 12 শীৰ্ষ ভাৰতীয় - নিয়াৰ হাতত লস্কৰ-ই-তৈবাৰ হিটলিষ্ট

দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, নেশ্বনেল ইনভেষ্টিগেশ্বন এজেন্সীয়ে প্ৰকাশ কৰিছে এখন বিশেষ তালিকা ৷ চোৰাংচোৱাৰ পৰা লাভ কৰা তালিকাখনত সংযোজিত হৈ আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ লগতে বিজেপি দলৰ বহুকেইগৰাকী শীৰ্ষ নেতাৰ নাম ৷ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই জাৰি কৰা তালিকাখন লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱা সংস্থাই ৷

সন্ত্ৰাসবাদীৰ লক্ষ্যত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ক্ৰিকেট দলৰ অধিনায়ক
author img

By

Published : Oct 29, 2019, 4:52 PM IST

নিউজ ডেস্ক, 29 অক্টোবৰঃ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ লক্ষ্যত বহুকেইগৰাকী শীৰ্ষ নেতাৰ লগতে দেশৰ আগশাৰীৰ খেলুৱৈ ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নেশ্বনেল ইনভেষ্টিগেশ্বন এজেন্সীৰ হাতত আহি পৰিছে এই বিশেষ তালিকাখন ৷

লগতে পঢ়কঃ আৰক্ষীৰ চকুৰ সন্মুখতে ঘপিয়াই হত্যা অপৰাধীক

ভাৰতৰ বহুকেইগৰাকী শীৰ্ষ নেতাৰ লগতে খেলুৱৈক লক্ষ্য কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই প্ৰকাশ কৰিছে তালিকাখন ৷ তালিকাখনত বহুকেইগৰাকী বিজেপি নেতা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষ নেতাৰ লগতে খেলুৱৈৰ নাম সন্নিৱিষ্ট আছে ৷ তালিকাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম প্ৰথমতে থকাৰ লগতে দ্বিতীয়তে আছে গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিক আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ নাম ৷ সৰ্বমুঠ 12গৰাকী ভাৰতীয়ৰ নাম সংযোজিত কৰি সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰকাশ কৰিছে এই তালিকাখন ৷ আটাইকেইগৰাকী ব্যক্তিকে হত্যাৰ নিৰ্দেশেৰে লস্কৰ-ই-তৈবাই জাৰি কৰিছে ফটোৱা ৷

লগতে পঢ়কঃ আৰক্ষী চকীৰ ভিতৰতে ছাত্ৰ নেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই মঙলবাৰে প্ৰকাশ কৰিছে এই তালিকাখন ৷ নিয়াৰ হাতত এই বিশেষ তথ্য আহি পৰাৰ পিচতে তালিকাত অন্তৰ্ভুক্ত হৈ থকা আটাইকেইগৰাকী ব্যক্তিৰে সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ নিয়াই ইতিমধ্যেই এই বিষয়ে এখন প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক প্ৰদান কৰিছে ৷ অৱশ্যে এই পত্ৰখন ভুৱাও হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে যদিও সুৰক্ষাজনিত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৷

Intro:Body:

লস্কৰ-ই-তৈবাৰ লক্ষ্যত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি বিৰাট কোহলি 

দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, নেশ্বনেল ইনভেষ্টিগেশ্বন এজেন্সীয়ে প্ৰকাশ কৰিছে এখন বিশেষ তালিকা ৷ চোৰাংচোৱাৰ পৰা লাভ কৰা তালিকাখনত সংযোজিত হৈ আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্থাৰ লগতে বিজেপি দলৰ বহুকেইগৰাকী শীৰ্ষ নেতাৰ নাম ৷ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই জাৰি কৰা তালিকাখন লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱা সংস্থাই ৷ 

নিউজ ডেস্ক, 29 অক্টোবৰঃ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ লক্ষ্যত বহুকেইগৰাকী শীৰ্ষ নেতাৰ লগতে দেশৰ আগশাৰীৰ খেলুৱৈ ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নেশ্বনেল ইনভেষ্টিগেশ্বন এজেন্সীৰ হাতত আহি পৰিছে এই বিশেষ তালিকাখন ৷ 

ভাৰতৰ বহুকেইগৰাকী শীৰ্ষ নেতাৰ লগতে খেলুৱৈক লক্ষ্য কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই প্ৰকাশ কৰিছে তালিকাখন ৷  তালিকাখনত বহুকেইগৰাকী বিজেপি নেতা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্থাৰ শীৰ্ষ নেতাৰ লগতে খেলুৱৈৰ নাম আছে ৷ তালিকাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম প্ৰথমতে থকাৰ লগতে দ্বিতীয়তে আছে গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিক আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ নাম ৷ সৰ্বমুঠ 12গৰাকী ভাৰতীয়ৰ নাম সংযোজিত কৰি সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰকাশ কৰিছে এই তালিকাখন ৷ আটাইকেইগৰাকী ব্যক্তিকে হত্যাৰ নিৰ্দেশেৰে লস্কৰ-ই-তৈবাই জাৰি কৰিছে ফটোৱা ৷ 

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই মঙলবাৰে প্ৰকাশ কৰিছে এই তালিকাখন ৷ নিয়াৰ হাতত এই বিশেষ তথ্য আহি পৰাৰ পিচতে তালিকাত অন্তৰ্ভুক্ত হৈ থকা আটাইকেইগৰাকী ব্যক্তিৰে সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ নিয়াই ইতিমধ্যেই এই বিষয়ে এখন প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক প্ৰদান কৰিছে ৷ অৱশ্যে এই পত্ৰখন ভুৱাও হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে যদিও সুৰক্ষাজনিত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.