ETV Bharat / jagte-raho

সহকৰ্মীৰ পিষ্টলৰ গুলিত নিহত আৰক্ষী বিষয়া - আৰক্ষী উপ-পৰিদৰ্শত নৰেন্দ্ৰ সিং

উত্তৰ প্ৰদেশত লক ডাউনৰ মাজতে অঘটন । সহযোগী আৰক্ষী বিষয়াৰ পিষ্টলৰ পৰা গুলি ফুটি নিহত হয় এগৰাকী উপ-পৰিদৰ্শক । ৰাজ্যখনৰ বুলন্দ চহৰত সংঘটিত হৈছে এই ঘটনা । বিবি নগৰ পুলিছ ষ্টেচনত কৰ্মৰত বিজেন্দ্ৰ সিং নামৰ আৰক্ষী উপ-পৰিদৰ্শকগৰাকী সহকৰ্মীৰ পিষ্টলৰ পৰা ওলোৱা গুলি লাগি নিহত হয় ।

সহকৰ্মীৰ পিষ্টলৰ গুলিত নিহত আৰক্ষী বিষয়া

author img

By

Published : Apr 26, 2020, 11:07 AM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত সংঘটিত হয় এক অঘটন । চহৰখনৰ বি.বি. পুলিছ ষ্টেচনত কৰ্মৰত এগৰাকী উপ-পৰিদৰ্শকৰ সহকৰ্মীৰ পিষ্টলৰ পৰা ওলোৱা গুলিৰ আঘাতত মৃত্যু হয় । জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ সিঙে এই কথা প্ৰকাশ কৰিছে ।

নিহত আৰক্ষী উপ-পৰিদৰ্শকগৰাকী বিজেন্দ্ৰ সিং বুলি জানিব পৰা গৈছে । আৰক্ষী চাউনীত থকা অৱস্থাত নৰেন্দ্ৰ সিং নামৰ উপ-পৰিদৰ্শকগৰাকীৰ পিষ্টলৰ গুলিত পেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিজেন্দ্ৰ সিং । পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ইতিমধ্যে আৰক্ষীয়ে নৰেন্দ্ৰ সিঙক আটক কৰি পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ ছবি গৃহৰ পূৰ্বে অন্য প্লেটফৰ্মত উপলব্ধ নহয় "৮৩" : ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.