পূৱ বিলাসীপাৰা, ২৯ জুনঃ পূৱ বিলাসীপাৰাৰ চাপৰত আৰক্ষীয়ে আটক কৰে দুটা চোৰ ৷ ধৃত চোৰ দুটা সম্পৰ্কত মামা-ভাগিন বুলি জানিবলৈ পোৱা গৈছে ৷
মহামাৰী কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ মাজতো পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চলত বৃদ্ধি পাইছে চুৰি কাণ্ড । ইতিমধ্যে বাইক চুৰি কৰি আৰক্ষীৰ জালত পৰে দুজন দুৰ্ধষ চোৰ । ধৃত চোৰ কেইটা চাপৰৰ ৰৌমাৰী গাঁওৰ চহিদুল ইছলাম আৰু নুৰল ইছলাম বুলি চিনাক্ত কৰা হৈছে । দুয়ো সম্পৰ্কত মামা-ভাগিন ।
উল্লেখযোগ্য যে, ৰবিবাৰে নিশা চাপৰ নগৰৰ ৰৌমাৰীৰ ৰফিকুল ইছলামৰ গৃহৰ পৰা AS 17-J-6505 আৰু ৰঙামাটিৰ ছাদেক আলীৰ গৃহৰ পৰা AS 19 F-2619 নম্বৰৰ পালছাৰ বাইক দুখন চুৰি হৈছিল । ইতিমধ্যে উক্ত ঘটনাটো বাইকৰ স্বত্বাধিকাৰীয়ে আৰক্ষীক অৱগত কৰে ৷ তাৰ পিছত বাইকৰ স্বত্বাধিকাৰীৰ সহযোগত চাপৰ আৰক্ষীয়ে চুৰি কাণ্ডৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখে ৷ উক্ত অভিযানত সোমবাৰে পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি বাইক সহ চোৰ দুজনক আটক কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক- ৰাজ্যত বানৰ মৃত্যু 20 জনৰ: বানৰ কৱলত 22 খন জিলাৰ 2,086 খন গাঁও