নগাঁও, 8 জুন : আৰক্ষী থানাৰ বিপৰীতে জাজৰিৰ দুই আৰক্ষীৰ নতুন ঠিকনা হ'ল নগাওঁ কেন্দ্ৰীয় কাৰাগাৰ । আদালতত হাজিৰ কৰাৰ পিছত চৈধ্য দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দুই আৰক্ষী জোৱানক ।
বীৰত্ব দেখুৱাবলৈ গৈ এতিয়া ৰঙা ঘৰৰ আলহী হ'ল দুই আৰক্ষী জোৱান । নগাঁৱৰ জাজৰিত আৰক্ষীৰ আক্ৰমণত এগৰাকী গাওঁৰক্ষী বাহিনীৰ সম্পাদক নিহত হোৱাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত দুই আৰক্ষী জোৱান পৰেশ শৰ্মা আৰু আতাউৰ ৰহমানক । অভিযুক্ত দুই আৰক্ষীক সোমবাৰে নগাওঁ আদালতত হাজিৰ কৰা হয় । গ্ৰেপ্তাৰ হোৱা দুই আৰক্ষী জোৱানক তিনিদিনৰ আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত সোমবাৰে ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে । সোমবাৰৰ পৰা নগাওঁ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল হত্যাৰ অভিযুক্ত দুই আৰক্ষী জোৱান পৰেশ শৰ্মা আৰু আতাউৰ ৰহমান ।
লগতে পঢ়কঃ কোনো গণহত্যাতকৈ কম ভয়ংকৰ নাছিল ফণী বৰা হত্যাৰ ঘটনা !