নিউজ ডেস্ক, 26 ডিচেম্বৰ : বিগত 13 ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ নাটছ এণ্ড ব্ৰিউ নামৰ পাবখনৰ পৰা ওলাই অহাৰ সময়ত আক্ৰমণৰ সন্মুখীন হৈছিল ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া ৷ পৰৱৰ্তী সময়ত বিষয়াগৰাকীয়ে ঘটনা সন্দৰ্ভত দিশপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷
পাবৰ ভিতৰত থকাৰ সময়তে বায়ুসেনাৰ বিষয়াগৰাকী আৰু তেওঁৰ বন্ধুৰ সৈতে একাংশই কাজিয়াত লিপ্ত হৈছিল ৷ পৰৱৰ্তী সময়ত পাবৰ পৰা ওলাই অহাৰ সময়তে অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল বায়ুসেনা বিষয়াগৰাকীক ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিষয়াগৰাকীক ততালিকে এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ দিশপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল কুমাৰ দাসে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল ৷
অৱশেষত দিশপুৰ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকা দুগৰাকী অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ দিশপুৰ থানাত ৰুজু হোৱা গোচৰ সংখ্যা 3150/2020ৰ অধীনত গ্ৰেপ্তাৰ হোৱা দুয়োজন অভিযুক্ত যোৰহাটৰ তিতাবৰৰ ৰোনাল্ড বৰুৱা আৰু কাকতি গাঁওৰ ৰিতীজ ইংতি বুলি জানিব পৰা গৈছে ৷ জিএছ ৰোডৰ নাটছ এণ্ড ব্ৰিউ নামৰ পাবখনত 13 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এই ঘটনা ৷
লগতে পঢ়ক : অমিত শ্বাহৰ জনসভাত কোভিড প্ৰট’কল ভংগ !