তামুলপুৰ,25অক্টোবৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিল যুৱক । সুৰজিত হৰ্চ নামৰ ভুৱা ফেচবুক একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীক অশ্লীল গালি গালাজেৰে হত্যাৰ ভাবুকি দিছিল ধৃত যুৱকজনে । বৃহস্পতিবাৰে সুৰজিত হৰ্চ নামেৰে ভুৱা ফেচবুক একাউণ্টৰ গৰাকী মনিৰুদ্দীন ৰহমানক আটক কৰে গোৰেশ্বৰ আৰক্ষীয়ে । ধৃত যুৱকজনৰ ঘৰ বাক্মাৰ গোৰেশ্বৰৰ ভোগপুৰত ।
আৰক্ষীৰ তদন্তত যুৱক জনে এই কথা অস্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে উপযুক্ত তথ্য লাভ কৰিছে । উল্লেখ্য যে, ধৃত যুৱকজন মহানগৰীৰ এটা ব্যক্তিগত সংবাদ মাধ্যমত কৰ্মৰত আছিল ৷