ETV Bharat / jagte-raho

ৰেললাইনত উদ্ধাৰ শিক্ষকৰ মুণ্ডহীন মৃতদেহ

author img

By

Published : Jun 10, 2020, 3:47 PM IST

গোৱালপাৰা জিলাৰ ধূপধৰাত উদ্ধাৰ হয় এগৰাকী শিক্ষকৰ মৃতদেহ ৷ ৰেললাইনত মুণ্ডহীন মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

ৰেললাইনত উদ্ধাৰ শিক্ষকৰ মুণ্ডহীন মৃতদেহ
ৰেললাইনত উদ্ধাৰ শিক্ষকৰ মুণ্ডহীন মৃতদেহ

কামৰূপ, 10 জুন : গোৱালপাৰা জিলাৰ ধূপধৰাত সংঘটিত হয় এক অঘটন । প্ৰাতঃভ্ৰমণলৈ যোৱা এগৰাকী শিক্ষকৰ মৃতদেহ ৰেল লাইনত উদ্ধাৰ হয় । গোৱালপাৰা জিলাৰ ধূপধৰাৰ জাকজাৰত কামাখ্যা-যোগীঘোপা ৰেললাইনত উদ্ধাৰ হয় অৱসৰপ্ৰাপ্ত শিক্ষক খনিন্দ্ৰ দাসৰ মৃতদেহ ।

ৰেললাইনত উদ্ধাৰ শিক্ষকৰ মুণ্ডহীন মৃতদেহ

মুণ্ডহীন মৃতদেহটো ধূপধৰা আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰাথমিক তদন্তৰ পিছতে মৰনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে ৷ গোৱালপাৰা অভিমুখী মালবাহী ৰেলৰ খুণ্ডাত শিক্ষকগৰাকীৰ মৃত্যু হোৱা বুলি একাংশ লোকে সন্দেহ কৰিছে । শিক্ষকগৰাকীৰ এনে মৃত্যুই ধূপধৰাত গভীৰ শোকৰ ছাঁ পেলোৱাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । দক্ষিণ কামৰূপৰ ছেখাদাৰী ডেকাপাৰা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছিল নিহত খনিন্দ্ৰ দাস ।

লগতে পঢ়কঃ বকোত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.