ETV Bharat / jagte-raho

সন্দেহজনক সন্ত্ৰাসবাদীৰ সন্ধানত নিয়াৰ অভিযান

author img

By

Published : Dec 22, 2020, 3:51 PM IST

সন্দেহজনক সন্ত্ৰাসবাদীৰ সন্ধানত মঙলবাৰে নিয়াই অভিযান চলায় কেৰালাৰ থ্ৰিছুৰত ৷ ইছলামিক আইএছ সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকা এক গোচৰত অঞ্চলটোত অভিযান চলায় নিয়াই ৷

সন্দেহজনক সন্ত্ৰাসবাদীৰ সন্ধানত নিয়াৰ অভিযান
সন্দেহজনক সন্ত্ৰাসবাদীৰ সন্ধানত নিয়াৰ অভিযান

নিউজ ডেস্ক, 22 ডিচেম্বৰ : শেহতীয়াকৈ ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত পৰিনত হৈছে কেৰালা ৷ ৰাজ্যখনৰ পৰা বিগত দিনবোৰত বহুকেইটা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰাৰ লগতে বহুটো আপত্তিজনক সামগ্ৰী তথা নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল অনুসন্ধানকাৰী তথা চোৰাংচোৱা সংস্থাই ৷

শেহতীয়াকৈ ৰাজ্যখনত পুনৰ অভিযান চলাইছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই ৷ নিয়াই মঙলবাৰে ৰাজ্যখনৰ থ্ৰিছুৰ চহৰত আইএছৰ বিৰুদ্ধে বিশেষ অভিযান চলায় ৷ বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত থকা এক গোচৰত চহৰখনৰ পাঁচটাকৈ গৃহত অভিযান চলায় নিয়াই ৷

চহৰখনৰ চাভাকাড়, পুভাথুৰ আৰু ভাডাক্কেকাড়স্থিত পাঁচটাকৈ গৃহত দিনযোৰা অভিযান চলায় নিয়াই ৷ ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীক পূঁজিৰ লগতে সদস্যভৰ্তি কাম এইকেইটা গৃহৰ পৰা চলি থকাৰ তথ্য লাভ কৰিছিল নিয়াই ৷ বাতৰি লিখাৰ পৰলৈকে পাঁচোটা গৃহতে অভিযান চলি আছে ৷

লগতে পঢ়ক : অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.