ETV Bharat / jagte-raho

জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ - কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ

সোমবাৰে জাগীৰোড আৰক্ষী এটা অভিযানকাৰী দলে কলটোৰ সমীপৰ জাৰণিত উদ্ধাৰ কৰে এই সামগ্ৰীখিনি ।

জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ
জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ
author img

By

Published : Sep 28, 2020, 3:56 PM IST

মৰিগাঁও, 28 ছেপ্টেম্বৰ : সোমাবাৰে জাগীৰোড আৰক্ষীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি কাগজ কলৰ ওচৰৰ কৰ্কটবস্তিৰ জাৰণিৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা লোহাৰ সামগ্ৰী ৷ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে আন্দোলনৰ কৰি থকাৰ সময়তে জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । সোমবাৰে জাগীৰোড আৰক্ষী এটা অভিযানকাৰী দলে কলটোৰ সমীপৰ জাৰণিত উদ্ধাৰ কৰে এই সামগ্ৰীখিনি ।

অভিযানকাৰী আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰা মতে এই সামগ্ৰীখিনি কিছুদিনৰ পূৰ্বে চুৰি কৰি জাৰণিত লুকুৱাই ৰাখিছিল । যাৰ ফলত সামগ্ৰীখিনিৰ ওপৰত হাবি বনে আৱৰি ধৰে । ইফালে এই চুৰি কাণ্ডৰ লগত জড়িত দুষ্কৃতিকাৰী বাতৰি যুগুতোৱা সময়লৈকে চিনাক্ত কৰি আটক কৰিব পৰা নাই ।

জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ

মনকৰিবলগীয়া যে, কাগজ কলৰ বিভাগীয় কতৃপৰ্ক্ষৰ সৈতে আৰু নিৰাপত্তাৰক্ষীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত আৰক্ষীয়ে তদন্ত চলাব বুলি মন্তব্য কৰে । তাৎপৰ্যপূৰ্ণ এয়ে যে, সম্প্ৰতি দুয়োটা উদ্যোগ কাৰ্যক্ষম কৰি তোলাৰ বাবে কৰ্মচাৰীসকলে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক : কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.