ETV Bharat / jagte-raho

ধুবুৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ

author img

By

Published : May 20, 2019, 12:16 PM IST

ভূমি বিবাদক কেন্দ্ৰ কৰি মহেজ আলীৰ পৰিয়ালৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ

ধুবুৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ

ধুবুৰী, 20 মে': দেওবাৰে নিশা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ কলাপাকানীৰ খেৰেৰ চৰ গাঁৱত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । ভূমি বিবাদক কেন্দ্ৰ কৰি মহেজ আলীৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলাই প্ৰতিবেশী কলিম উদ্দিনৰ পুত্ৰ আখতাৰ হোছেন, আব্দুল কাদেৰ, আব্দুৰ ৰচিদকে ধৰি মুঠ দহ জনীয়া এটা দলে ৷ লাঠী, ৰ'ড আৰু চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰতে আক্ৰমণ চলাই। এই আক্ৰমণত মহেজ আলীৰ উপৰিও পত্নী সাহেৰা বিবি,পুত্ৰ বাহাৰুল ইছলাম,আফ্ৰুজা আহমেদ,জোঁৱাই নুৰ হোছেনকে ধৰি মহিলাসহ ছয়জনকৈ লোক আহত হয় ।

ইতিমধ্যে আটাইকেইজন লোককে সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ঘটনা সন্দৰ্ভত এ এম কোঃ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয় যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা গাঁওখনৰ কলিম উদ্দিন আৰু মহেজ আলীৰ মাজত মাটিৰ বিবাদ চলি আহিছিল। উক্ত মাটিত বেৰ দিয়াক কেন্দ্ৰ কৰিয়ে কাজিয়াৰ সূত্ৰপাত হয় বুলি এজাহাৰত উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালে ৷

আৰু পঢ়কঃ সাধাৰণ নিৰ্বাচনঃ দেশত জব্দ কোটি কোটি টকা

 SLUG- A_DHB_803_804_20MAY_LAND_DISPUT_VIS+BYTE_SHAHANUR
( Files send through MOJO )

      oc/vo:- ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ কলাপাকানী অঞ্চলৰ খেৰেৰ চৰ গাঁওত নিশা দুই ফৈদৰ মাজত মাৰপিট। ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰতিবেশী কলিমুদিন পুত্ৰ আখতাৰ হোছেন, আব্দুল কাদেৰ, আব্দুৰ ৰশিদকে ধৰি মুঠ দহ জনীয়া দল এটাই অতৰ্কিতে লাঠী, ৰড আৰু চোকা অস্ত্ৰ লৈ ঘৰৰ ভিতৰত আক্ৰমণ চলায় মহেজ আলীৰ পৰিয়ালৰ ওপৰত। এই আক্ৰমণত মহেজ আলীৰ উপৰিও পত্নী সাহেৰা বিবি, পুত্ৰ বাহাৰুল ইছলাম, ৰহিম উদিন মহেজ আলীৰ কন্যা আফ্ৰুজা আহমেদ, জোঁৱাই নুৰ হোছেনপিতা - মহেজ আলীকে ধৰি মহিলা সহ ছয়জনকৈ লোক আহত হয়। আটাইকেইজনক সংকটজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে ঘটনা সন্দৰ্ভদ স্থানীয় ধুবুৰীৰ এ এম কোঃ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে যদিওঁ এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰে পৰা গাঁও খনৰ কলিম উদ্দিন আৰু মহেজ আলীৰ মাজত এডোখৰ মাটিক লৈ সংঘাত চলি আহিছিল। সেইদৰে যোৱা কালি উক্ত মাটি ডোখৰত বেৰ দিয়াক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হয় বুলি এজাহাৰত উল্লেখ কৰা হৈছে।

       ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.