ETV Bharat / jagte-raho

পথৰ দাঁতিত উদ্ধাৰ অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ

author img

By

Published : Nov 7, 2020, 1:03 PM IST

ছিপাঝাৰৰ ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দমাদমে পৰি আছে অৰুণোদয় আঁচনিৰ বহু প্ৰ-পত্ৰ ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

scame-in-arunodoi-schemeat-sipajhar-darrang-district
পথৰ দাঁতিত উদ্ধাৰ অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ

দৰং, 7 নৱেম্বৰঃ অৰুণোদয় আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈ থকাৰ সময়তে দৰঙৰ ছিপাঝাৰত সংঘটিত হৈছে এটা আজব ঘটনা। ছিপাঝাৰৰ ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই উদ্ধাৰ হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বহু প্ৰ-পত্ৰ ৷

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্ল’গান আওৰোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ ছত্ৰছাঁয়াতে অৰুণোদয় আঁচনিত ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ব্য়াপক দুৰ্নীতি হোৱা অভিযোগ উঠিছে । তাৰোপৰি যোগ্য ব্যক্তিৰ পৰিৱৰ্তে অযোগ্য ব্যক্তিৰহে নামহে আঁচনিৰ তালিকাত খনত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দৰং জিলাৰ ছিপাঝাৰতো এই আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৰাইজে ।

আনহাতে, উক্ত আঁচনি খনৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ সময়তেই ছিপাঝাৰৰ ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৰুণোদয় আঁচনিৰ বহু প্ৰ-পত্ৰ পৰি থকা ঘটনাত তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি হৈছে । হিতাধিকাৰীৰ নাম আৰু ফটো সংলগ্ন প্ৰ-পত্ৰ সমূহ কোনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলালে, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত । বিভাগীয় কৰ্তৃপক্ষৰ দ্বায়িত্বজ্ঞান হীন লোকৰ বাবেই যে অৰুণোদয় আঁচনিৰ পৰা হিতাধিকাৰী সকল বঞ্চিত হ'ব বুলি মন্তব্য কৰে ৰাইজে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে অৰুণোদয় আঁচনিৰ বহু প্ৰ-পত্ৰ পৰি থকা দেখি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰ-পত্ৰ সমূহ উদ্ধাৰ কৰাৰ লগতে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.