ডুমডুমা, 18 নবেম্বৰ : ডকাইতৰ ৰম্যভূমিত পৰিণত হৈছে ডুমডুমা-ফিল'বাৰী সংযোগী গড়কাপ্তানি পথচোৱা । এই পথচোৱাত নিশাৰ আন্ধাৰটো দূৰৰেই কথা দিনৰ পোহৰতেই প্ৰায়েই সংঘটিত হয় ডকাইতি, লুটপাত আদিৰ দৰে ঘটনা । ডুমডুমা-ফিল'বাৰী সংযোগী গড়কাপ্তানি পথৰ বৰডুবিত মংগলবাৰে সন্ধিয়া পুণৰ এক ডকাইতি কাণ্ড সংঘটিত হয় ।
পেঙেৰী ডিব্ৰুজানৰ ভূলোক শইকীয়া নামৰ এগৰাকী শিক্ষকক বৰডুবিত দুজনীয়া ডকাইতৰ এটা দলে আগভেটা দি চোকা অস্ত্ৰ প্ৰদৰ্শন কৰি তেওঁৰ পৰা বেংকৰ পাচবুক, মোবাইল, এ.টি.এম. কাৰ্ডৰ লগতে মটৰ চাইকেলৰ চাবি লৈ উধাও হয় । শিক্ষকজনে ডুমডুমা এচ.বি.আই.ৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তেই এই ডকাইতি কাণ্ডটো সংঘটিত হয় । ইতিমধ্যে শিক্ষক ভূলোক শইকীয়াই ঘটনা সম্পৰ্কে ফিল'বাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক : ৰাজ্যত আকস্মিকভাৱে বৃদ্ধি নিবনুৱাৰ হাৰ