ৰূপহীহাট, 11 ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা জুৰীয়াত ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ নগাওঁ জিলা আৰক্ষী আৰু জুৰীয়া আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এটা কুখ্যাত ডকাইত ৷ আৰক্ষীৰ দলটোৱে জুৰীয়া তিনিচুকীয়া গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে নজৰুল ইছলাম নামৰ কুখ্যাত ডকাইতটোক ৷ নজৰুল ইছলামৰ পৰা আৰক্ষীয়ে ,ড্ৰাগছ, হস্তনিৰ্মিত পিষ্টলসহ এক জাঁই 12 ব'ৰ সজীৱ গুলী উদ্ধাৰ কৰে ৷ ইতিমধ্যে নগাওঁ জিলা আৰু জুৰীয়া আৰক্ষীয়ে ধৃত ডকাইতটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃদেওবাৰে ঘোষণা হ'ল 92 সংখ্যক অস্কাৰ