ETV Bharat / jagte-raho

চিৰাঙত নিৰ্বাচন কেন্দ্ৰীক সংঘাটত তিনিজন লোক আহত

author img

By

Published : Aug 1, 2020, 10:54 PM IST

চিৰাঙত নিৰ্বাচন কেন্দ্ৰীক মাৰপিটৰ ঘটনাত তিনিজন লোক আহত হয় ৷ ইতিমধ্যে আহত লোক কেইজনে ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰে UPPL দলৰ সদস্যৰ বিৰুদ্ধে ৷

Pre election tense At Chirang District
চিৰাঙত নিৰ্বাচন কেন্দ্ৰীক সংঘাটত তিনিজন লোক আহত

চিৰাং, 1 আগষ্টঃ চিৰাঙত দলীয় প্ৰাৰ্থীৰ উপস্থিতিত ইউপিপিএল দলৰ কৰ্মীয়ে তিনিজন সাধাৰণ ৰাইজক আক্ৰমন কৰা বুলি গুৰুতৰ অভিযোগ তোলে বিপিএফৰ দলীয় সদস্যই । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

উল্লেখ্য যে,বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমুহ। আৰম্ভ হৈছে ইটো দলে সিটো দলক আক্ৰমন- প্ৰত‍্যাক্ৰমন কৰাৰ ঘটনা । তেনে এক ঘটনা, শনিবাৰে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ৰৌমাৰীৰ উত্তৰ সুকানিপাৰাত সংঘটিত হৈছে এটা নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ ঘটনা । গাঁওখনত কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএল এ তথা বৰ্তমান ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ এখন নিৰ্বাচনি সভা অনুষ্ঠিত হৈছিল । অনুষ্ঠিত হোৱা সভাত প্ৰাৰ্থীজন নিজে উপস্থিত থকাত গাঁৱৰ কেইজনমান লোকে বিগত পাঁচ বছৰত কোনো উন্নয়নমূলক কাম নোহোৱাৰ অভিযোগ কৰাৰ লগে লগেই ইউপিপিএল দলৰ সমৰ্থক সকলে কিশোৰ বসুমতাৰী,ৰতন বসুমতাৰী আৰু সম্বৰসিং বসুমতাৰী নামৰ লোক তিনিজনক মাৰপিট কৰে বুলি অভিযোগ কৰে ।

এই সন্দৰ্ভত ইতিমধ্যে ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰিছে মাৰপিটত আহত লোক তিনিজনে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোক সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে । তাৰ পিছতে ইউপিপিএল দলৰ সমৰ্থকে মাৰপিট কৰাৰ অভিযোগত আহত লোক সকলে এজাহাৰ দিয়ে । এজাহাৰত উল্লেখ কৰে যে,সাধাৰণ গাঁওবাসী তথা ভোটাৰ সকলৰ অধিকাৰ আছে জনপ্ৰতিনিক প্ৰশ্ন কৰাৰ । এই প্ৰশ্ন কৰাত ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ উপস্থিতিত দলটোৰ সমৰ্থক ক্ৰমে শৈলেন ব্ৰহ্ম,মৃদুৰাজ ব্ৰহ্ম,জৌঙ্গদাউ ব্ৰহ্ম,আৰু প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে আক্ৰমণ কৰে বুলি অভিযোগ কৰে আহত লোক সকলে।

এই ঘটনাক কাজলগাঁও ব্লক কমিটি বিপিএফৰ সভাপতি মুক্তাৰাম বসুমতাৰীয়ে গৰিহণা দিয়াৰ লগতে দোষী লোকক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনায়। কাৰণ যোৱা পাঁচ বছৰ কাজলগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ এমচিএলএ আছিল আৰু কোনো উন্নয়নমূলক কাম হোৱা নাছিল বাবেই আজি ৰাইজে প্ৰশ্ন কৰিছে। ৰাইজে প্ৰশ্ন কৰিলেই আক্ৰমণ কৰিব এয়া কেনে ধৰনৰ ৰাজনীতি হ'ল বুলিও ইউপিপিএল দলক প্ৰশ্ন কৰে বিপিএফৰ নেতাজনে ।

লগতে পঢ়ক- আই নদীৰ সুঁতিত উদ্ধাৰ সন্ধানহীনৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.