ETV Bharat / jagte-raho

গুৱাহাটীলৈ অনা হ'ল SI পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক - পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্ত

নেপালৰ BORDER GUARDING FORCEএ আটক কৰি পিছত পশ্চিমবংগ আৰক্ষীক গতাই দিয়ে । মংগলবাৰে অসম আৰক্ষীৰ এটা দলে পশ্চিমবংগ আৰক্ষীৰ পৰা নিজৰ জিম্মাত লয় পি কে দত্তক ।

গুৱাহাটীলৈ অনা হ'ল পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক

author img

By

Published : Oct 7, 2020, 11:24 AM IST

গুৱাহাটী, 7 অক্টোবৰ : অৱশেষত 15 দিনৰ পিছত আৰক্ষীৰ জালত পৰিল SI কেলেংকাৰীৰ এজন মূল অভিযুক্ত প্ৰাক্তন DIG পি কে দত্ত । অসম আৰক্ষীয়ে নেপালত থকাৰ তথ্য লাভ কৰাৰ পিছত ভাৰত চৰকাৰৰ অনুসন্ধানকাৰী সংস্থাৰ সৈতে CID LOCKOUT CIRCULATION TEAM এটা গঠন কৰে । এই টীমে লাভ কৰে বিশেষ সফলতা । ভাৰত-নেপাল সীমান্তৰ কাকৰভিটাত সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে পলাতক পি কে দত্তক । নেপালৰ BORDER GUARDING FORCEএ আটক কৰি পিছত পশ্চিমবংগ আৰক্ষীক গতাই দিয়ে । মংগলবাৰে অসম আৰক্ষীৰ এটা দলে পশ্চিমবংগ আৰক্ষীৰ পৰা নিজৰ জিম্মাত লয় পি কে দত্তক । তাৰ পিছতেই পোনে পোনে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে দত্তক চিৰাং জিলাৰ সদৰস্থিত আৰক্ষী জিৰণিশালালৈ লৈ আনে ৷ ইয়াৰ পৰাই গুৱাহাটীৰ উলুবাৰীস্থিত অপৰাধ তদন্ত বিভাগলৈ ADGP জি পি সিঙৰ নেতৃত্বক দত্তক গুৱাহাটীলৈ অনা হয় । বুধবাৰে প্ৰাক্তন DIG পি কে দত্তক স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰাব । ঘটনাৰ তদন্তৰ বাবে পুণৰ CIDয়ে নিজৰ জিম্মাত বিচাৰিব পি কে দত্তক ।

গুৱাহাটীলৈ অনা হ'ল পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক

লগতে পঢ়ক : মাজনিশাই গুৱাহাটী লৈ অনা হ'ল পি কে দত্তক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.