ETV Bharat / jagte-raho

মণিপুৰত আৰক্ষীৰ অভিযানত 435 কেজি ব্ৰাউন চুগাৰ জব্দ

author img

By

Published : Oct 30, 2020, 4:48 PM IST

মণিপুৰৰ মাৰুবল জিলাৰ পৰা আৰক্ষীয়ে 435 কেজি ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ গোপন খবৰৰ ভিত্তিত আৱাং অঞ্চলত অভিযান চলাই ব্ৰাউন চুগাৰ প্ৰস্তুতৰ বাবে নিৰ্মিত সা-সামগ্ৰীৰ লগতে 16 পেকেট ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

Over 435 kg of brown sugar seized in Manipur
মণিপুৰত আৰক্ষীৰ অভিযানত 435 কেজি ব্ৰাউন চুগাৰ জব্দ

নিউজ ডেস্ক, 30 অক্টোবৰ : শুকুৰবাৰে মণিপুৰৰ মাৰুবল জিলাৰ পৰা আৰক্ষীয়ে 435 কেজি ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে তথ্য ৷

আৰক্ষী বিষয়া গৰাকীয়ে আকৌ কয় যে,গোপন খবৰৰ ভিত্তিত আৱাং অঞ্চলত অভিযান চলাই ব্ৰাউন চুগাৰ প্ৰস্তুতৰ বাবে নিৰ্মিত সা-সামগ্ৰীৰ লগতে 16 পেকেট ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অনুসন্ধান অভিযানৰ সময়ত তিনিটা এল পিজি চিলিণ্ডাৰ,এখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

ব্ৰাউন চুগাৰ নিৰ্মাণকাৰী কাৰখানাটোৰ স্বত্বাধিকাৰী এম ডি কায়ামুদ্দিন আৰু তেওঁৰ পত্নীয়ে অভিযানৰ সময়ত সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয় যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ৰাজ্যত গোপনে চলিছে চুপাৰি ছিণ্ডিকেট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.