ETV Bharat / jagte-raho

গোলাঘাট নুমলীগড়ত আলফাৰ এজন লিংকমেন গ্ৰেপ্তাৰ - ফেচ বুক

ফেচবুক একাউন্টৰ যোগেদি আলফাৰ লগত সংযুক্ত হৈছিল নুমলীগড়ৰ মৰঙিৰ হাবিগাৱঁৰ এজন যুৱক ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লিংকমেন জনক ৷

One ulfa linkman arrested By police At Golaghat
গোলাঘাট জিলাৰ নুমলীগড়ত আলফাৰ এজন লিংকমেন গ্ৰেপ্তাৰ
author img

By

Published : Aug 23, 2020, 8:20 PM IST

গোলাঘাট, 23 আগষ্টঃ গোলাঘাট জিলাৰ নুমলীগড়ত আলফাৰ এজন লিংকমেন গ্ৰেপ্তাৰ ৷ ৭ দিন আৰক্ষীৰ জিম্মাত ৰখাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷ ফেচবুক একাউন্টৰ যোগেদি আলফাৰ লগত সংযুক্ত হৈছিল নুমলীগড়ৰ মৰঙিৰ হাবিগাৱঁৰ যুৱক "চিৰঞ্জীৱ দুৱৰা" ৷ চিৰঞ্জীৱক আলফা স্বাধীনৰ তৰফৰ পৰা ২০ জন যুৱকক আলফাত যোগদানৰ বাবে বিচাৰিছিল বুলি সাংবাদিকৰ আগত উল্লেখ কৰে লিংকমেনজনে ৷ ইতিমধ্যে ধুবুৰীৰ পৰা তিনি যুৱকে আলফাত যোগদান কৰিছে বুলি চিৰঞ্জীৱে স্বীকাৰ কৰিছে ৷

অৱশেষত আৰক্ষীৰ জালত পৰে চিৰঞ্জীৱ ৷ চিৰঞ্জীৱক গ্ৰেপ্তাৰ কৰি সোধ পোছৰ বাবে আৰক্ষীয়ে গোলাঘাট আদালতৰ নিৰ্দেশত ৭ দিন আৰক্ষীৰ জিম্মাত ৰাখে ৷ পিচত দেওবাৰে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আলফা স্বাধীনৰ লিংকমেনজনক ৷ ইতিমধ্যেই চিৰঞ্জীৱৰ লগত বহু যুৱকে আলফালৈ যোৱাৰ বাবে যোগাযোগ কৰা বুলিও স্বীকাৰ কৰিছে ।

গোলাঘাট জিলাৰ নুমলীগড়ত আলফাৰ এজন লিংকমেন গ্ৰেপ্তাৰ

লগতে পঢ়ক- অশোক গয়াৰীৰ বাহনত কৰা আক্ৰমণত জড়িত নহয় বিপিএফ: গিলবাৰ্ট বৰগয়াৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.