কৰিমগঞ্জ, 19 মাৰ্চ : ত্ৰিপুৰাত আটক বাংলাদেশৰ নিষিদ্ধঘোষিত সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদীন বাংলাদেশ (JMB)ৰ এগৰাকী সন্ত্ৰাসবাদী । ধৃত সন্ত্ৰাসবাদীটো আব্দুল মালেক (35) বুলি জানিব পৰা গৈছে । বাংলাদেশৰ মৌলভিবজাৰ এলেকাৰ এই সন্ত্ৰাসবাদীটোৱে দীৰ্ঘদিন ধৰি ত্ৰিপুৰাত বাহৰ পাতি আছিল । চোৰাংচোৱাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ মহকুমাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী ইয়াকুবনগৰ-ভাগ্যপুৰ এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে সন্ত্ৰাসবাদীটো ।
ধৃত সন্ত্ৰাসাবাদীটোৰ বিৰুদ্ধে বাংলাদেশৰ বিভিন্ন থানাত গোচৰ ৰুজু হৈ আছে । আৰক্ষীয়ে জনোৱা মতে, বহুদিনৰ পৰাই উত্তৰ ত্ৰিপুৰাত মালেকে বাহৰ পাতি আছিল । ভাৰতৰ বিভিন্ন ধৰণৰ জালি নথিপত্ৰ উদ্ধাৰ হৈছে আব্দুল মালেকৰ পৰা । ধৃত সন্ত্ৰাসবাদীটোক বৰ্তমানে ধৰ্মনগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ মতে এইজনৰ পৰা আৰু বহু চাঞ্চ্যলকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।