ETV Bharat / jagte-raho

আত্মহত্যাৰ পূৰ্বে ফেচবুকত ভিডিঅ' আপলোড : ছুইচাইড নোটত প্ৰেমিকাৰ পিতৃৰ নাম !

author img

By

Published : Mar 17, 2020, 8:21 PM IST

এজন যুৱকৰ মৃত্যুক লৈ উত্তেজনাৰ সৃষ্টি হৈছে নগাঁও জিলাৰ পুৰণিগুদামত ৷ মৃত্যুৰ পূৰ্বে ফেচবুকত যুৱকৰ লাইভ ৷ উদ্ধাৰ হৈছে এটা আত্মহত্যাৰ টোকাও ৷ ভিডিঅ' আৰু আত্মহত্যাৰ টোকাত যুৱকৰ প্ৰেয়সীৰ পৰিয়ালৰ নাম ৷ হত্যাৰ অভিযোগ উঠিছে নগাঁৱৰ বিতৰ্কিত কংগ্ৰেছ নেতা কুটুব উদ্দিন বখতিয়াৰৰ বিৰুদ্ধে ৷

ছুইচাইড নোটত প্ৰেমিকাৰ পিতৃৰ নাম
ছুইচাইড নোটত প্ৰেমিকাৰ পিতৃৰ নাম

নগাঁও, 17 মাৰ্চ : তিনিদিন পূৰ্বে পুৰণিগুদাম ন-আলি মূৰৰ য়াকিন নামৰ এই যুৱকজনে পলুৱাই নিছিল প্ৰেয়সীক ৷ প্ৰেয়সী আছিল পুৰণিগুদামৰ বিতৰ্কিত কংগ্ৰেছ নেতা কুটুব উদ্দিন বখতিয়াৰৰ পৰিয়ালৰ ৷ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট পুৰণিগুদামৰ বিতৰ্কিত কংগ্ৰেছ নেতা কুটুবউদ্দিন বখতিয়াৰে পৰিয়ালৰ লোকৰ সৈতে চামগুৰিৰ লৰিমুখৰ পৰা উদ্ধাৰ কৰে প্ৰেমিক প্ৰেমিকাহালক ৷ যুৱতীগৰাকীক ঘৰলৈ লৈ অহাৰ পাচতে যুৱকজনে বিহপান কৰা বুলি এটা ভিডিঅ' ফেচবুকত প্ৰচাৰ কৰে ৷ য'ত তেওঁ উল্লেখ কৰে যে, তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কুটুব উদ্দিন বখতিয়াৰ ৷

কিন্তু আশ্চৰ্যজনকভাৱে যুৱকজনক সু-পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷ তেওঁলোকৰ মতে, এই ঘটনাত আৰক্ষীৰ ভূমিকাও আছিল সন্দেহজনক ৷ সকলোৱে আঙুলি তোঁৱাইছে কুটুব উদ্দিন বখতিয়াৰলৈ ৷

ফেচবুকত ভিডিঅ আপলোড কৰি যুৱকৰ আত্মহত্যা

বৰ্তমানলৈকে সন্ধানহীন হৈ আছে যুৱকজনৰ জ্যেষ্ঠ ভাতৃও ৷ আনহাতে, যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা ধনৰ লোভ দেখুৱাই সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰাৰো অভিযোগ তুলিছে একাংশ লোকে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও প্ৰণৱ বৰুৱা নামৰ পুৰণিগুদাম গাঁও পঞ্চায়তৰ এগৰাকী কৰ্মীৰ মৃত্যু নাম সাঙোৰ খাইছিল বিতৰ্কিত কংগ্ৰেছ নেতা বখতিয়াৰৰ ৷ প্ৰণৱ বৰুৱাৰ আত্মহত্যাৰ টোকাত উল্লেখ আছিল কুটুব উদ্দিনৰ নাম ৷ কিন্তু সেই সময়ত এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ হোৱা বাবেই সাৰি গৈছিল এইজন কংগ্ৰেছ নেতা । আৰক্ষীৰ উচিত তদন্তৰ পাচত হে পোহৰলৈ আহিব য়াকিনৰ মৃত্যু আচলতে আত্মহত্যা নে সু পৰিকল্পিত হত্যাকাণ্ড ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.