ETV Bharat / jagte-raho

বৰপেটাত এক্সিচ বেংক একাউন্টৰ পৰা দুৰ্বৃত্তই লুটিলে ৫০ হেজাৰ টকা

author img

By

Published : Mar 11, 2020, 8:24 AM IST

বৰপেটাৰ এটা এক্সিচ বেংক একাউন্টৰ পৰা দুৰ্বৃত্তই ৫০ হেজাৰ টকা লুটি নিয়াৰ অভিযোগ ৷ ইতিমধ্যে এই সন্দৰ্ভত এজাহাৰ দাখিল বৰপেটা সদৰ থানাত ৷ ইফালে এই সংক্ৰান্তত বেংকটোৰ প্ৰৱন্ধকগৰাকীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৷

money theft from axis bank account at Barpeta
বৰপেটাৰ এটা এক্সিচ বেংক একাউন্টৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৫০ হেজাৰ টকা

জনীয়া,11 মাৰ্চঃ বৰপেটাৰ ইকবাল ফৰিদ নামৰ এগৰাকী ব্যক্তিৰ এক্সিচ বেংক একাউন্টৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে ৫০ হেজাৰ টকা ৷ অভিযোগ মতে, যোৱা ১৫ ফেব্ৰুৱাৰীত নিশা ১০ বাজি 9 মিনিটত ১০ হাজাৰকৈ পাঁচ বাৰত মুঠ ৫০ হেজাৰ টকা লুটি নিয়ে দুৰ্বৃত্তই । ঘটনা সন্দৰ্ভত ভুক্তভোগী ইকবাল ফৰিদে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে C/No-341/2020 US 420/406/379 IPC নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে এই সংক্ৰান্তত বেংকটোৰ প্ৰৱন্ধকগৰাকীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগীৰ ৷ এই ক্ষেত্ৰত বৰপেটা এক্সিচ বেংকটোৰ প্ৰৱন্ধকগৰাকীৰ গা-এৰা মনোভাৱকলৈ এতিয়া চিন্তিত হৈ পৰিছে ভুক্তভোগীৰ লগতে অন্যান্য একাউন্টৰ গৰাকীসকল ৷

লগতে পঢ়কঃওদালগুৰিত বুজন পৰিমানৰ অবৈধ অস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.