ETV Bharat / jagte-raho

জাজৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩৫ লাখ টকা: আটক 4 - election commission

জব্দ হোৱা টকাখিনি নিৰ্বাচনী প্ৰচাৰৰ বাবে অনাৰ সন্দেহ আৰক্ষীৰ

জাজৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩৫ লাখ টকা: আটক 4
author img

By

Published : Mar 28, 2019, 10:51 PM IST

নগাঁও,28মাৰ্চ: দেশজুৰি নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে জাজৰি আৰক্ষীয়ে নগদ ৩৫ লাখ টকা সহ আটক কৰে চাৰিজনকৈ ব্যক্তিক। নিৰ্বাচনী পৰ্যবেক্ষক, জিলা আয়কৰ বিভাগ আৰু জাজৰি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জাজৰিৰ কুৰুৱাবাহী চাৰিআলিত নগাঁৱৰ পৰা জাজৰি অভিমুখে আহি থকা AS 02U 8957 নম্বৰৰ এখন টাটা টিয়াগু গাড়ীৰে কঢ়িয়াই অনা অৱস্থাত আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ টকাখিনি জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ সোধপোছত নিজকে বন্ধন বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া ব্যক্তিকেইজনৰ হাতত উপযুক্ত নথিপত্ৰ নথকা বাবে আৰক্ষীয়ে তেওঁলোকক আটক কৰে ৷ আটক কৰা লোককেইজন ক্ৰমে চিত্ৰজ্যোতি ডেকা, মনোৰঞ্জন দাস, প্ৰদীপ প্ৰমনিক আৰু মনোজ দাস ৷

জাজৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩৫ লাখ টকা: আটক 4

উল্লেখ্য যে জাজৰি আৰক্ষীৰ তালাচী বাহিনীয়ে ঘটনা সম্পৰ্কে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও উচ্চস্তৰীয় তদন্ত আৰু অধিক তথ্য সংগ্ৰহৰ বাবে আটক হোৱা আটাইকেইজনকে নগাঁৱলৈ প্ৰেৰণ কৰিছে। ইপিনে বন্ধন বেংকৰ নাম লৈ কোনো ৰাজনৈতি দল-সংগঠনে এই টকাখিনি নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ব্যৱহাৰৰ উদ্দেশ্যে অনাৰ সন্দেহ প্ৰকাশ কৰিছে জাজৰি আৰক্ষীয়ে ৷

Intro:BREAKING Body:নগাঁৱৰ জাজৰীত আৰক্ষীৰ অভিযান ৷ জাজৰি আৰক্ষীৰ তালাচিত ৩৫ লাখ টকা সহ চাৰিজনক আটক । নগাৱঁৰ পৰা জাজৰি অভিমুখে AS02U 8957 নম্বৰৰ টিয়াগু বাহন খনত লৈ আহিছিল ৩৫ লাখ টকা । নিৰ্বাচনী বিধি উলংঘা কৰি টকালৈ অহা চিত্ৰ জ্যোতি ডেকা, মনোজ দাস , প্ৰদিপ প্ৰমনিক, মনোৰঞ্জন দাসক আটক কৰি জাজৰি আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.