নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ মাংগালুৰু বিমানবন্দৰত বোমাতংক ৷ সোমবাৰে মাংগালুৰু বিমানবন্দৰত বোমা (IED) সংস্থাপিত কৰাৰ ঘটনা পোহৰলৈ আহিছিল ৷ বুধবাৰে এই কাৰ্যত জড়িতৰ এজন অন্যতম আদিত্য ৰাও নামৰ ব্যক্তিগৰাকীয়ে কৰ্নাটক আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ৷
আৰক্ষীয়ে প্ৰকাশ কৰে যে আদিত্য ৰাও নামৰ ব্যক্তিগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে ভিক্তোৰিয়া হাস্পতাললৈ লৈ যোৱা হ’ব আৰু তাৰ পিচত তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিচত স্থানীয় ন্যায়ালয়ত হাজিৰ কৰোৱা হ’ব ৷ আনহাতে সোমবাৰে বোমা বিশেষজ্ঞৰ দল তথা ডগ স্কোৱাড আৰু মেটেল ডিটেক্টৰৰ সহায়ত অনুসন্ধান চলোৱা হৈছিল ৷
মাংগালুৰু আৰক্ষী আয়ুক্ত পি.এছ হৰ্ষাই এক ভিডিঅ’ মেচেজৰ জৰিয়তে প্ৰকাশ কৰে যে চি.আই.এছ.এফে এটা সন্দেহজনক বেগ উদ্ধাৰ কৰিছিল ৷ তাৰ তাৎক্ষণিকভাৱে কন্ট্ৰ’ল ৰুম তথা সুৰক্ষা কৰ্মীক অৱগত কৰা হয় ৷ তাৰ পিচত সুৰক্ষা প্ৰট’ক’ল অনুসৰি বেগটো আইচোলেচন ৱে’ত ৰখা হৈছিল ৷
আনহাতে কিছুমান ৰিপ’ৰ্ট অনুসৰি দুগৰাকী ব্যক্তি এখন অট’ৰিক্সাত আহি বেগটো থৈ গৈছিল বুলি উল্লেখ কৰে ৷ বৰ্তমানেও আৰক্ষীয়ে চিচিটিভি ফুটেজৰ জৰিয়তে এই সম্পৰ্কে অনুসন্ধান অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে আৰক্ষী আয়ুক্তগৰাকীয়ে দোষীৰ চিনাক্তকৰণৰ বাবে তিনিটা বিশেষ দল গঠন কৰা বুলি ইতিমধ্যেই ঘোষণা কৰিছিল ৷
ইফালে এই ঘটনাৰ শংকা মাৰ নোযোৱাতেই কৰ্নাটকৰ ৰাজধানী বাংগালুৰুত উদ্ধাৰ হয় এটা সন্দেহজনক বেগ ৷ বাংগালুৰুৰ হালিমাৱু বলিয়াগাট্টিগেৰেৰ ডি-মাৰ্টত উদ্ধাৰ হয় এটা সন্দেহজনক বেগ ৷ গৰাকীবিহীন বেগটো দেখাৰ পিচত স্থানীয় লোকে তৎক্ষণাত আৰক্ষীক খৱৰ দিয়ে ৷
তাৰ পিচতে আৰক্ষীৰ ডগ স্কোৱাড দল ঘটনাস্থলীত উপস্থিত হৈ ঠাইখিনিৰ নিৰীক্ষণ আৰম্ভ কৰি দিয়ে ৷ আৰক্ষীৰ অনুসন্ধানৰ পিচত গম পোৱা যায় যে বেগটোৰ ভিতৰত কোনোধৰণৰ হানিকাৰক সামগ্ৰী নাছিল ৷ আৰক্ষীয়ে অধিক পৰীক্ষণ অব্যাহত ৰাখিছে ৷