ETV Bharat / jagte-raho

ডেগাৰ দেখুৱাই লুটি নিলে ধন

author img

By

Published : Nov 5, 2020, 1:09 PM IST

ডুমডুমাত পুনৰ সংঘটিত ডকাইতি কাণ্ড । ডেগাৰ দেখুৱাই পঞ্চায়ত সচিবৰ পৰা লুটিলে নগদ ধন সহ নথি-পত্ৰ আৰু ম’বাইল ফোন ৷

Loot at dumduma tinsukia assam etv bharat news
ডেগাৰ দেখুৱাই লুটি নিলে ধন

ডুমডুমা,5 নৱেম্বৰ: তিনিচুকীয়াৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই লাচিত নগৰত বুধবাৰে সন্ধিয়া এক ডকাইতি কাণ্ড সংঘটিত হয় । মৃদুল দত্ত নামৰ বৰডুবি গাওঁ পঞ্চায়তৰ সচিব গৰাকীক এখন মটৰ চাইকেলত অহা দুজনীয়া ডকাইতৰ দলে বাট ভেটি ধৰি ডেগাৰ দেখুৱাই মৃত্যু ভাবুকিৰে লুটপাত চলাই আঁতৰি যায় । পঞ্চায়তৰ সচিবগৰাকীয়ে নিজ কৰ্ম সম্পাদন কৰি উক্ত পথেৰে গৃহাভিমুখে আহি থকাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷

বৰডুবি গাওঁ পঞ্চায়তৰ সচিব দত্তৰ লগত সেই সময়ত মজুত আছিল পঞ্চায়ত কাৰ্যালয়ৰ নথিপত্ৰ, চতুৰ্দশ বিত্ত আয়োগৰ কেচবুক-লেজাৰবুক, পাচবুক, কাৰ্যালয়ৰ তিনিটাকৈ পেনড্ৰাইভৰ লগতে ম’বাইল ফোন আৰু পাঁচ হাজাৰ নগদ ধন ৷ ইতিমধ্যে দত্তই ঘটনা সম্পৰ্কত ডুমডুমা আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ ৷ উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা ডুমডুমা নগৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে অপৰাধমূলক ঘটনা ৷ এইক্ষেত্ৰত স্থানীয় আৰক্ষী-প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে চাওকঃ প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.