কলিয়াবৰ, 22 জানুৱাৰী : ভূমিহীন লোকক চৰকাৰী ভূমি পট্টা দিয়াৰ নামত নগাঁৱত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জিলাখনৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুঠৰীত লাট মণ্ডলৰে গোপন বুজাবুজি কৰি সহজতে ধন ঘটাৰ উদ্দেশ্যে দালালীত নামি পৰিছে একাংশ দুষ্টচক্ৰই ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে ভূমিহীন লোকসকলক বিনামূলীয়াকৈ ভূমি পট্টা আৱণ্টনৰ ব্যৱস্থা অব্যাহত ৰাখিছে । ইতিমধ্যে, কলিয়াবৰতো ভূমিহীন লোকসকলক ভূমি পট্টা প্ৰদান কৰিবৰ বাবে কলিয়াবৰ চক্ৰ বিষয়াৰ তত্বাৱধানত লাট মণ্ডল সকলে আৰম্ভ কৰিছে জৰীপ । তাৰেই সুযোগ গ্ৰহণ কৰি এক বিশেষ দুষ্টচক্ৰই নামি পৰিছে সহজতে ধন ঘটাৰ পথত ।
অভিযোগ অনুসৰি, কুঠৰীৰ ঘনশ্যাম ডেকা আৰু মাঘা ঘাটোৱাল নামৰ দুই দালালে লাট মণ্ডলৰ লগত গোপন বুজাবুজি কৰি টকা দিলেহে মাটিৰ পট্টাৰ কাম কৰিব বুলি কৈ দুখীয়া ৰাইজৰ পৰা সৰকাইছে হাজাৰ হাজাৰ টকা । কুঠৰী অঞ্চলৰ একাংশ দৰিদ্ৰ, দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকৰ পৰা চৰকাৰে প্ৰদান কৰা বিনামূলীয়া পট্টা চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আনি দিয়াৰ নামত তিনিৰ পৰা পাঁচ হাজাৰ টকা লোৱাৰ অভিযোগ কুঠৰীৰ ৰাইজৰ ।
লগতে পঢ়ক : 27 জানুৱাৰীত বন্ধ থাকিব বিটিআৰৰ চাৰি জিলা