ETV Bharat / jagte-raho

শৌৰ্য্য চক্ৰ বঁটা প্ৰাপকৰ হত্যাৰে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

author img

By

Published : Dec 31, 2020, 4:30 PM IST

সন্দেহজনক সন্ত্ৰাসবাদীটো দিল্লী আৰু পঞ্জাৱ আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাত আছিল আৰু 1990ত পঞ্জাৱৰ বিদ্ৰোহী সমস্যাৰ সমাধানত আগভাগ লোৱা বলৱিন্দৰ সিং সান্ধুৰ হত্য়াৰ সৈতে জড়িত আছিল ৷ বিশেষ শাখাই প্ৰকাশ কৰা অনুসৰি, পাকিস্তানৰ আইএছআইৰ নিৰ্দেশতে সান্ধুক হত্যা কৰিছিল সন্ত্ৰাসবাদীটোৱে ৷

শৌৰ্য্য চক্ৰ বঁটাপ্ৰাপকৰ হত্যাৰ সৈতে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

নিউজ ডেস্ক, 31 ডিচেম্বৰ : পাকিস্তানৰ ইন্টাৰ ছাৰ্ভিছেজ ইন্টেলিজেন্স চমুকৈ আইএছআইৰ নিৰ্দেশত কাম কৰা সুখমিত পাল সিং ওৰফে সুখ ভিখাৰীৱাল নামৰ খালিস্তানী সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰিছে দেশৰ চোৰাংচোৱা বাহিনীয়ে ৷ ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে ডুবাইৰ পৰা গ্ৰেপ্তাৰ কৰিছে সুখমিত পাল সিঙক ৷

পঞ্জাৱ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ ম’ষ্ট ৱান্টেড অপৰাধীৰ তালিকাত শীৰ্ষস্থানত থকা খালিস্তানী সন্ত্ৰাসবাদীটোৱে চলিত বৰ্ষৰ 16 অক্টোবৰত হত্য়া কৰিছিল এগৰাকী বিশেষ ব্যক্তিক ৷ 1990ৰ দশকত পঞ্জাৱত যেতিয়া বিদ্ৰোহী সমস্যাই চূড়ান্ত ৰূপ লৈছিল, সেই সময়ত উগ্ৰপন্থী দমনৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা কমৰেড বলৱিন্দৰ সিং সান্ধু নামৰ প্ৰাক্তন চিপিআই(এম) নেতা তথা নিজৰ বীৰত্বৰ বাবে সামৰিক সন্মান শৌৰ্য্য চক্ৰ বঁটা লাভ কৰা ব্যক্তিগৰাকীক হত্যা কৰিছিল সন্ত্ৰাসবাদীটোৱে ৷ টাৰ্ণ তৰণৰ নিজা বাসভৱনতে সান্ধুক গুলিয়াই হত্যা কৰিছিল সুখমিত পাল সিঙে ৷

হত্যাৰ পিচতে পলায়ন কৰা সুখমিতে আইএছআইৰ সহায়ত ডুবাইত আশ্ৰয় লৈ আছিল ৷ অৱশেষত ডুবাইৰ পৰাই ভাৰতৰ চোৰাংচোৱা সংস্থা ৰিচাৰ্ছ এণ্ড এনালাইজিং উইঙে সন্ত্ৰাসবাদীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ বৃহস্পতিবাৰে সংস্থাই সন্ত্ৰাসবাদীটোক দিল্লীলৈ লৈ আনি দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অন্তৰ্গত সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটক চমজাই দিয়ে ৷

দিল্লী আৰক্ষীৰ বিশেষ শাখাই সমগ্ৰ হত্য়াকাণ্ডটোত আইএছআইৰ হাত আছে বুলি দাবী কৰিছে যদিও পঞ্জাৱ আৰক্ষীয়ে এতিয়ালৈকে এই দাবী সন্দৰ্ভত স্পষ্টীকৰণ জনোৱা নাই ৷ পূৱ দিল্লীত বিগত 7 ডিচেম্বৰত সংঘটিত হোৱা গুলিয়াগুলিৰ পিচতেই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পঞ্জাৱৰ দুগৰাকী আৰু কাশ্মীৰৰ তিনিগৰাকী লোকক ৷ তেওঁলোকক কৰা অনুসন্ধানৰ সময়তে সুখমিত পাল সিঙৰ নাম পোহৰলৈ আহিছিল ৷ আটকাধীন পাঁচগৰাকী লোকৰ ভিতৰত গুৰজিৎ সিং আৰু সুখদ্বীপ সিং পঞ্জাৱৰ হোৱাৰ বিপৰীতে শ্ববীৰ আহমেদ, আয়ুব পাঠান আৰু ৰিয়াজ কাশ্মীৰৰ বাসিন্দা ৷

দিল্লী আৰক্ষীৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটৰ বিষয়া প্ৰমোদ সিং কুশৱাহাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, আটকাধীন আটাইকেইগৰাকীয়ে খালিস্তানী সন্ত্ৰাসবাদী নেতাৰ নিৰ্দেশত আইএছআইৰ হৈ কাম কৰি আহিছিল আৰু তেওঁলোকৰ নিৰ্দেশতে সান্ধুক হত্যা কৰিছিল ৷ একে সময়তে পঞ্জাৱ আৰক্ষীয়ে গুৰজিৎ আৰু সুখদ্বীপেই সুখমিতৰ নিৰ্দেশত সান্ধুৰ ওপৰত গুলিচালনা কৰিছিল ৷ ইয়াৰে গুৰজিৎ আৰু সুখমিতে গুৰদাসপুৰস্থিত এগৰাকী হিন্দু নেতাৰ এগৰাকী সহযোগীৰ হত্যাৰ সৈতেও জড়িত আছিল বুলি জানিব পৰা গৈছে ৷

পঞ্জাৱ আৰক্ষীয়ে সান্ধুৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা 11 গৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত গেংষ্টাৰ ৰবিন্দৰ সিং আৰু সুখদ্বীপ সিঙে পাতিয়ালা আৰু ফিৰোজপুৰ জেলৰ ভিতৰৰ পৰাই সান্ধুক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল বুলি পঞ্জাৱ আৰক্ষীয়ে জনাইছে ৷

লগতে পঢ়ক : 2020 বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.