ETV Bharat / jagte-raho

কলগাছিয়াত যৌতুক বিচাৰি পত্নীৰ ওপৰত অত্যাচাৰ স্বামীৰ

author img

By

Published : Nov 30, 2020, 10:24 PM IST

কলগাছিয়াত নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ যৌতুক বিচাৰি আঘাতপ্ৰাপ্ত কৰিলে স্বামীয়ে ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷

in-kalgachiya-a-family-member-abuses-his-wife-seeking-dowry
কলগাছিয়াত যৌতুক বিচাৰি পত্নীৰ ওপৰত অত্যাচাৰ স্বামীৰ

জনীয়া, 30 নৱেম্বৰ : কলগাছিয়াত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ স্বামীগৃহৰ পৰিয়ালৰ লোকে নিৰ্যাতন চলাই অহাৰ অভিযোগ প্ৰদান কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷

জানিব পৰা মতে, বৰপেটা জিলাৰ কলগাছিয়াৰ মনিৰুল হক আৰু তেওঁৰ পৰিয়ালে মিলি দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছে আলিয়া খাতুন নামৰ এগৰাকী মহিলাৰ ওপৰত । প্ৰায় 3 বছৰ পূৰ্বে কলগাছিয়াৰ ডিমাপুৰ গাঁৱৰ ইছমাইল হুছেইনৰ পুত্ৰ মনিৰুল হকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল হাউলিৰ ইটাৰভিটা গাঁৱৰ আলিয়া খাতুন নামৰ মহিলাগৰাকী ৷

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, বিয়াৰ পিচৰ পৰাই স্বামীয়ে যৌতুক বিচাৰি বোৱাৰীগৰাকীৰ ওপৰত মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল । আনদিনাৰ দৰে সোমবাৰে ৰাতিপুৱা প্ৰায় 8.30 বজাত মহিলাগৰাকীক স্বামীয়ে ঘৰত আৱদ্ধ কৰি মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ৷

পৰৱৰ্তী সময়ত স্থানীয় লোকে মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে, পৰিয়ালৰ লোকে মনিৰুল হকৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি বিহিত ব্যৱস্থা লবলৈ দাবী জনায় ৷

লগতে পঢ়ক : শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.