ETV Bharat / jagte-raho

চাৰিদুৱাৰত জুৱাৰ পয়োভৰঃ আৰক্ষীৰ অভিযানত জব্দ দুখন স্কুটি - চাৰিদুৱাৰ আৰক্ষী

জুৱাৰ বিৰুদ্ধে অভিযান শোণিতপুৰ আৰক্ষীৰ ৷ ৰঙাপৰাৰ চাৰিদুৱাৰত আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে দুখনকৈ স্কুটি ৷

চাৰিদুৱাৰত জুৱাৰ পয়োভৰঃ আৰক্ষীৰ অভিযানত জব্দ দুখন স্কুটি

author img

By

Published : Oct 22, 2020, 10:40 AM IST

ৰঙাপৰা, 22 অক্টোবৰ : শোণিতপুৰৰ চাৰিদুৱাৰত জুৱাৰ পয়োভৰ । জুৱাৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষীয়ে চলালে তীব্ৰ অভিযান । চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত সোনাই চাপৰিত অতৰ্কিতভাৱে আৰক্ষীয়ে অভিযান চলায় ।

চাৰিদুৱাৰত জুৱাৰ পয়োভৰঃ আৰক্ষীৰ অভিযানত জব্দ দুখন স্কুটি
জুৱাৰ বিৰুদ্ধে সৰৱ চাৰিদুৱাৰ আৰক্ষী

একাংশ দুষ্ট চক্ৰই দূৰ্গা পুজা আৰু নৱৰাত্ৰিৰ গইনা লৈ জীয়া ভৰলী নদীৰ পাৰত গোপনে জুৱা চলাই আহিছিল । গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে সোনাই চাপৰিত হঠাৎ জুৱাৰ বিৰুদ্ধে অভিযান চলায় ।

চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত জব্দ দুখন স্কুটি

অভিযান কালত আৰক্ষীয়ে জুৱাৰ আদ্দাস্থলী ভাঙি পেলোৱাৰ উপৰিও দুখনকৈ স্কুটি জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু আৰক্ষী অহাৰ উমান পাই জুৱাৰীসকলে নিবিঘ্নে আঁতৰি যাবলৈ সক্ষম হয় ৷ দুৰ্গা পূজাৰ সময়ত একাংশ লোকে শোণিতপুৰৰ বিভিন্ন অঞ্চলত জুৱাৰ আড্ডা গঢ়ি তুলিছে ৷ এনে জুৱাৰ আদ্দাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ।

লগতে পঢ়ক : কচুগাওঁ বনাঞ্চলত বন গাহৰি-পহু মাংসসহ তিনি চোৰাং চিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.