ETV Bharat / jagte-raho

অসম ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ

author img

By

Published : Dec 16, 2020, 10:56 PM IST

অসম ত্ৰিপুৰা সীমান্তৰ ধৰ্মনগৰত মঙলবাৰে ত্ৰিপুৰা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ কৰে।

অসম-ত্ৰিপুৰা সীমান্তত জব্দ নিচাজাতীয় টেবলেট

কৰিমগঞ্জ, ১৬ ডিচেম্বৰ : নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ ঘাটি হৈ পৰিছে অসম-ত্ৰিপুৰা সীমান্ত । স্থানীয় আৰক্ষীৰ চকুত ধুলি মাৰি বহুদিনৰ পৰাই সীমান্তৱৰ্তী অঞ্চলটোত চলি আহিছে নিচাজাতীয় সামগ্ৰীৰ চোৰাং বেহা । মঙলবাৰে অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী ধৰ্মনগৰত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ নিচা জাতীয় ইয়াবা টেবলেট ।

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে জব্দ কৰে নিচা জাতীয় টেবলেট খিনি । প্ৰাপ্ত তথ্য অনুসৰি ধৰ্মনগৰৰ আৰক্ষী অধীক্ষক ভানু ব্ৰত চক্ৰৱৰ্তীয়ে অভিযান চলাই দহ হেজাৰ নিচা জাতীয় ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত টেবলেট খিনিৰ বজাৰৰ মুল্য প্ৰায় ৩০ লাখ টকা বুলি জানিব পৰা গৈছে । ইপিনে এই সন্দৰ্ভত নৰুল ইছলাম নামৰ লোকক আৰক্ষীয়ে আটক কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.