গুৱাহাটী, 1 নৱেম্বৰ : শনিবাৰে নিশা মহানগৰীৰ জালুকবাৰীত আৰক্ষীয়ে এক অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী । গোপন সূত্ৰৰ পম খেদি এখন নৈশ বাছত সহকাৰী আৰক্ষী আয়ুক্ত জয়ন্ত বৰুৱাৰ নেতৃত্বত জালুকবাৰী আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হয় নিচাজাতীয় সামগ্ৰীখিনি ।
ধূপগুৰি অভিমুখে গৈ থকা AS 01 DD 5989 পঞ্জীয়নযুক্ত পংকজ নামৰ নৈশ বাছখনৰ পৰা জব্দ হয় কাৰ্টুনে কাৰ্টুনে কফ চিৰাপৰ বটল আৰু নিচাযুক্ত টেবলেট । বাছখনৰ পৰা প্ৰায় 1,300 বটল কফ চিৰাপ জব্দ কৰে জালুকবাৰী আৰক্ষীয়ে । বৰ্তমান বাছখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে জালুকাবাৰী আৰক্ষীয়ে ।
উল্লেখযোগ্য যে কোনো দুষ্টচক্ৰই মহানগৰীৰ বিভিন্ন স্থানত সৰবৰাহৰ বাবে এই নিচাযুক্ত সামগ্ৰীখিনি নৈশ বাছত লৈ আহিছিল । দীৰ্ঘদিনৰ পৰা এনে চোৰাং কাৰবাৰ চলি থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনত উদ্ধাৰ বিজেপিৰ চিহ্নযুক্ত সামগ্ৰী