ETV Bharat / jagte-raho

চৰাইদেউ জিলাত বৃহৎ পৰিমাণৰ ভাং জব্দ - চৰাইদেউ জিলাত বৃহৎ পৰিমাণৰ ভাং জব্দ

চৰাইদেউ জিলাত বিশেষ আৰক্ষী বাহিনীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ ৷

চৰাইদেউ জিলাত বৃহৎ পৰিমাণৰ ভাং জব্দ
চৰাইদেউ জিলাত বৃহৎ পৰিমাণৰ ভাং জব্দ
author img

By

Published : Aug 10, 2020, 6:20 PM IST

চৰাইদেউ, 10 আগষ্ট : চৰাইদেউ জিলা আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰিবৰ বাবে "ষ্টেণ্ড" নামৰ এক বিশেষ দল গঠন কৰিছে । এই দলে সোণাৰিৰ সাপেখাতীত নিশা বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনি ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে । বিগত দীৰ্ঘদিন ধৰি জিলাখনৰ ভিন্ন প্ৰান্তত মদ, ভাং, ড্ৰাগছ, কানি আদিৰ দৰে নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাত বহু সময়ত জাতীয় জনগোষ্ঠীয় দল সংগঠনে অঞ্চলটোত গঢ় লৈ উঠা অবৈধ চক্ৰটোৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহন কৰিবলৈ দাবী উত্থাপন কৰি আহিছে ৷

ইয়াৰ পাছতে দেওবাৰে নিশা চৰাইদেউৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিদিপ প্ৰতিম কুমবাং আৰু সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনেশ দ'লেৰ নেতৃত্বত নিশা এক অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জাসহ তিনিজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ৷ মহকুমা আৰক্ষী বিষয়াজনৰ নেতৃত্বত STANDয়ে চলোৱা অভিযানত সাপেখাতীৰ বালিখেতীয়া,হুলোঙামৰা আৰু সাপেখাতী মাজমজিয়াৰ তিনিটা স্থানত অভিযান চলাই প্ৰায় ১৮ কেজি ভাং(গাঞ্জা) জব্দ কৰা লগতে ব্যৱসায়ৰ সৈতে জড়িত তিনিজন ব্যৱসায়ীক আটক কৰে ।

আটকাধীন কেইজন ক্ৰমে সাপেখাতীৰ নুৰ খান,বালিখেতীয়াৰ ৰাখাল ৰবি দাস আৰু হোলোঙামৰাৰ সুব্ৰত চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে ৷ দীৰ্ঘদিন ধৰি সাপেখাতী,সোণাৰি,বৰহাট আদি দৰে বৃহৎ অঞ্চলত এই তিনি ব্যৱসায়ীয়ে চলাই আহিছিল অবৈধ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ৷

চৰাইদেউ জিলাত বৃহৎ পৰিমাণৰ ভাং জব্দ

লগতে পঢ়কঃ বনকৰ্মী বনাম বনমাফিয়াঃ চোকা অস্ত্ৰৰে আক্ৰমণ বনকৰ্মীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.