নলবাৰী, 16 জুন : শেহতীয়াকৈ নলবাৰীত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই আজিৰ যুৱপ্ৰজন্মৰ মাজত যে মানসিক স্বাস্থ্যৰ চৰম অৱনতি ঘটিছে তাক নিশ্চিত কৰিছে ৷ নলবাৰীত মঙলবাৰে আত্মহত্যা কৰে এগৰাকী যুৱতীয়ে ৷ কিন্তু আত্মহত্যা কৰাৰ পূৰ্বেই সামাজিক মাধ্যম টিকটকত ভিডিঅ' বনাই ৰে'লৰ আগত পৰি আত্মহত্যা কৰে যুৱতীগৰাকীয়ে ৷
জানিব পৰা অনুসৰি, নলবাৰীৰ বৰকুৰা ৰে'ল গেটত সংঘটিত হয় এই চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ৷ যুৱতীগৰাকীৰ প্ৰেমিকগৰাকীয়ে সোমবাৰে আহি লগ কৰিছিল আৰু সেইদিনাই গৈ নিজৰ গোৰেশ্বৰস্থিত বাসভৱনত আত্মহত্যা কৰিছিল ৷ প্ৰেমিক বীৰেন কাকতিৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি এইদৰে মঙলবাৰে ৰে'লৰ আগত পৰি আত্মহত্যা কৰে নলবাৰীৰ বৰকুৰিহাৰ ৰবীন কলিতাৰ একমাত্ৰ কন্যা বন্দনা কলিতাই ৷