বৰপেটা, ৭ আগষ্টঃ বৰপেটাৰ হাউলীত সংঘটিত হোৱা এক জালিয়াতিৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য । ভুৱা গোচৰ ৰুজু কৰি হাউলী আৰক্ষীৰ জালত পৰিল চাৰিজনকৈ লোক । ঘটনা অনুসৰি AS 25DC 7437 নম্বৰৰ বলেৰো পিকআপ গাড়ী এখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুজাৰপীঠত দুবৃত্তই কাঢ়ি নিয়া বুলি হাউলী থানাত এক গোচৰ ৰুজু কৰে গাড়ীখনৰ গৰাকীৰ ভাতৃ জমিৰ দেৱানে ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ কলিতাই এক অভিযান চলাই জমিৰ দেৱান নামৰ লোকজনে আন তিনিজন লোকৰে মিলি গাড়ীখন মৈৰাবাৰীৰ জিয়াৰুল আলীৰ ওচৰত ৯০ হাজাৰ টকাত বিক্ৰী কৰাৰ কথা অৱগত হয় ৷ যাৰ পাচতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গাড়ী চুৰিৰ ভুৱা গোচৰ ৰুজু কৰাৰ অপৰাধত বাঘবৰৰ সেউৰাভিঠা গাঁৱৰ জমিৰ দেৱানক গ্ৰেপ্তাৰ কৰে ৷
ধৃত জমিৰ দেৱানে আৰক্ষীৰ ওচৰত বীমাৰ ধন মোকলোৱাৰ লক্ষ্যৰেই এই নাটক ৰচিছিল বুলিও স্বীকাৰ কৰে ৷ পাচত এজাহাৰকাৰী জমিৰ দেৱানক সহযোগ কৰাৰ অপৰাধত আৰক্ষীয়ে জালাল দেৱান, আলাল দেৱান আৰু লোকমান আলী নামৰ আন তিনিটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে ৷ শেহতীয়াভাৱে বলেৰো পিক আপ খনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।