শিৱসাগৰ,17 আগষ্টঃ উগ্ৰ হিন্দুত্ববাদী সত্যৰঞ্জন বৰুৱা নামৰ লোক এজনৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে । অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জিন্তু মেছে দাখিল কৰিছে এই এজাহাৰ ।
উল্লেখ্য যে, নিউজ নাও নামৰ এক ৱেব পৰ্টেলত দেওবাৰে সত্যৰঞ্জন বৰুৱা নামৰ লোকজনে মুছলমান সকলক মাৰিব লাগে বুলি ৰাজহুৱা ভাবে দিয়া উচটনিমূলক বক্তব্য সম্প্ৰচাৰিত হৈছিল । সামাজিক মাধ্যমত প্ৰচাৰ হোৱা উক্ত দৃশ্যাংশত লোকজনে মুছলমান ধৰ্মাৱলম্বীৰ লোক সকলৰ বিৰুদ্ধে কটু মন্তব্য কৰে ৷ তাৰোপৰি সকলো হিন্দু ধৰ্মৰ লোকক একত্ৰিত হৈ মুছলমান সকলক মাৰিব লাগে বুলি সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি গুৰুতৰ অভিযোগ তোলে ছাত্ৰ সংগঠনটোৰ সদস্য সকলে ৷ উক্ত ঘটনাটোৰ বাবে সোমবাৰে সত্যৰঞ্জন বৰুৱা নামৰ লোকজনৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷
উগ্ৰ সাম্প্ৰদায়িক মন্তব্যই ৰাজ্যত ভাতৃঘাটি সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে গতিকে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে লোক জনক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিবলৈ দাবী জনায় সংগঠনটোৱে ৷ ইফালে সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মুছলমান লোকক চৰকাৰে প্ৰশাসনে জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও একাংশ হিন্দু লোকে সাম্প্ৰদায়িক মন্তব্য কৰিছে যদিও এতিয়ালৈকে তেনে লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা বুলি চৰকাৰ খনক তীব্ৰ কটাক্ষ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷
লগতে পঢ়ক-যোৰহাটত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল