ETV Bharat / jagte-raho

ভুৱা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা উৎখাত, বেংক কৰ্মচাৰীৰ পুত্ৰ গ্ৰেপ্তাৰ - কমল বাবু

ভাৰতীয় ষ্টেট বেংকৰ নামত বিগত তিনিমাহ ধৰি এটা ভুৱা শাখা চলাই অহা চক্ৰ উৎখাত কৰে তামিলনাডু আৰক্ষীয়ে ৷ আৰক্ষীয়ে চক্ৰটো উৎখাত কৰাৰ লগতে ইয়াৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিগৰাকী ব্যক্তিক আটকো কৰিছে ৷

ভুৱা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা উৎখাত
ভুৱা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা উৎখাত
author img

By

Published : Jul 12, 2020, 1:50 PM IST

নিউজ ডেস্ক, 12 জুলাই : ভাৰতীয় ষ্টেট বেংকৰ নামত ভুৱা শাখা বেংক খুলি বিগত তিনিমাহে জনতাক ঠগি অহা এটা চক্ৰক উৎখাত কৰিছে তামিলনাডু আৰক্ষীয়ে ৷ ৰাজ্যখনৰ কুড্ডালোৰ জিলাৰ পানৰুটিত এইদৰে এছবিআইৰ নামত ভুৱা বেংক স্থাপন কৰি ৰাইজক মাধমাৰ সোধাই অহা চক্ৰটো উৎখাত কৰাৰ লগতে ইয়াৰ লগত জড়িত থকা তিনিগৰাকী ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে ৷

ভাৰতীয় ষ্টেট বেংকৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক তিনিজনৰ ভিতৰত বেংকটোৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীৰ পুত্ৰও আছে আৰু তেওঁৰ নেতৃত্বতে এইদৰে ভুৱা বেংকটো বিগত তিনিমাহ ধৰি সক্ৰিয় হৈ আছিল ৷

আটকাধীন তিনিওগৰাকী ব্যক্তি কমল বাবু, এ কুমাৰ আৰু এম মনিক্কাম বুলি জানিব পৰা গৈছে ৷ ইয়াৰে কমল বাবুৰ পিতৃ এছবিআইৰ কৰ্মচাৰী আছিল আৰু মাতৃও 2 বছৰ আগতে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেংকৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷

ইতিমধ্যে তিনিওগৰাকীকে আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 473, 469, 484 আৰু 109ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়কঃ মালালা দিৱস আৰু শিক্ষাৰ অধিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.