ETV Bharat / jagte-raho

গুৱাহাটীত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

author img

By

Published : Jun 23, 2020, 5:56 PM IST

গুৱাহাটী মহানগৰীৰ আঠগাঁৱত আৰক্ষীৰ জালত পৰে ড্ৰাগছ সহ দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত আছে মৰ্জিনা বেগম নামৰ এগৰাকী মহিলা আৰু তফচুৰ আলী নামৰ এজন লোক ।

Drugs With 2 persons Arrested By Police At Guwahati
গুৱাহাটীত আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী

গুৱাহাটী, 23জুনঃ লক ডাউনৰ মাজতো মহানগৰীত অব্যাহত আছে মাৰাত্মক ড্ৰাগছ সৰবৰাহ । মংগলবাৰে মহানগৰীৰ আঠগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । গোপন সূত্ৰৰ পম খেদি ভৰলুমুখ আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই যৌথভাবে অভিযান চলাই আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক । ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত আছে মৰ্জিনা বেগম নামৰ এগৰাকী মহিলা আৰু তফচুৰ আলী নামৰ এজন লোক ।

ইফালে ধৃত সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ কটাহবাৰীতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে । আঠগাঁও আৰু কটাহবাৰীৰ পৰা আৰক্ষীয়ে সৰ্বমুঠ ২৬.২০০ গ্ৰাম ড্ৰাগছ, এটা মোবাইল ফোন, ৪৯,৫০০ টকাৰ নগধ ধন, ১৬টা ৰূপৰ সামগ্ৰী আৰু বহু সন্দেহজনক সামগ্ৰী জব্দ কৰে । ইফালে ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- গুৱাহাটীৰ কেইটাও ৱাৰ্ডত প্ৰশাসনৰ লক ডাউন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.