নগাঁও, 16 মাৰ্চ : ৰূপহীত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এজনক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ নগাঁও আৰক্ষীয়ে ৰূপহীহাট আৰক্ষীৰ সহযোগত জিলাখনৰ ৰূপহীহাটৰ বিভিন্ন ঠাইত ড্ৰাগছ বিৰোধী অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ অভিযানকাৰী দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ৭৮টা নিচাযুক্ত ঔষধৰ বটলৰ কাৰ্টুন ।
ধৃত ড্ৰাগছ ব্যৱসায়ীটো ৰূপহীহাট তিনিআলিৰ আছিক ইকবাল চৌধুৰী বুলি জানিব পৰা গৈছে । অভিযানত আছিকৰ ঘৰৰ পৰা জব্দ কৰা নিচাযুক্ত ঔষধৰ বটল খিনিৰ মূল্য আনুমানিক পাঁচ লক্ষাধিক টকাৰ বুলি স্পষ্ট কৰিছে ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই । দীৰ্ঘদিন ধৰি অসাধু ব্যৱসায়ীটোৰ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই অঞ্চলটোত নিচাযুক্ত ঔষধৰ বেহা চলাই থকাৰ খবৰ পাইছিল আৰক্ষীয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়তো এই বৃহৎ সমাজ বিৰোধী চক্ৰটো উৎখাত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই যাব বুলি জানিবলৈ দিছে ৷