ETV Bharat / jagte-raho

ধুবুৰীত নিশা ব্যৱসায়ীক আক্ৰমণ কৰি লুটি নিলে ধন - আগমণি স্বাস্থ্য কেন্দ্ৰ

ধুবুৰীত কম্পিউটাৰৰ দোকান দি ব্যৱসায় চলোৱা মুন আলী নামৰ যুৱ ব্যৱসায়ীজনে নিশা দোকান বন্ধ কৰি চাইকেলেৰে ঘৰলৈ অহা পথতে স্থানীয় দুই যুৱকে মুনক আগভেটি ধৰি ৰডেৰে মাৰপিট কৰে । ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত আছে যদিও ব্যৱসায়ীজনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে মুনৰ আত্মীয়ই ।

ধুবুৰীত নিশা ব্যৱসায়ীক আক্ৰমণ;
author img

By

Published : Nov 7, 2019, 1:36 PM IST

ধুবুৰী, 7 নৱেম্বৰঃ ধুবুৰীৰ আগমণি আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিশা সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা । স্থানীয় বজাৰত কম্পিউটাৰৰ দোকান দি ব্যৱসায় চলোৱা অঞ্চলটোৰ মুন আলী নামৰ যুৱ ব্যৱসায়ীজনে নিশা দোকান বন্ধ কৰি চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত স্থানীয় ৰকিবুল আৰু খাইৰুল হক নামৰ দুই যুৱকে মুনক আগভেটি ধৰি ৰডেৰে মাৰপিট কৰে। ইয়াতেই ক্ষান্ত নাথাকি মুনৰ পকেটৰ পৰা নগদ ত্ৰিশ হাজাৰ টকা আৰু মোবাইল কাঢ়ি লৈ বিদ্যুতৰ খুটাত বান্ধি থৈ যায়। অৱশ্যে এনে সময়তে আগমণি আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মুনক উদ্ধাৰ কৰে যদিও আক্ৰমণকাৰীদ্বয় পলাই যাবলৈ সক্ষম হয়। পাছত ব্যৱসায়ীজনক গুৰুতৰ অৱস্থাত আগমণি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ কিন্তু অৱস্থা অধিক জটিল হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত আছে যদিও ব্যৱসায়ীজনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে মুনৰ আত্মীয়ই।

ধুবুৰীত নিশা ব্যৱসায়ীক আক্ৰমণ

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আগমণি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়কঃনগৰ অঞ্চলৰ বাবে কঠিন সময় !

Intro:

Body:

ধুবুৰী জিলাৰ আগমণি আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত নিশা সংঘটিত হল মৰেল পুলিচৰ দৰে চাঞ্চল্যকৰ ঘটনা। স্থানীয় বজাৰত কম্পিউটাৰৰ দোকান কৰা অঞ্চলটোৰ মুন আলী নামৰ এইজন যুৱ ব্যৱসায়ীয়ে নিশা দোকান বন্ধ কৰি চাইকেল লৈ ঘৰলৈ যাত্ৰা কৰে। যদিওঁ এনে সময়তে স্থানীয় ৰকিবুল আৰু খাইৰুল হক নামৰ দুই যুৱকে মুনক আগভেটি ধৰি ৰডেৰে বেয়াকৈ মাৰপিট কৰে। ইয়াতেই ক্ষেন্ত নাথাকি মুনৰ পকেটৰ পৰা নগদ ত্ৰিশ হাজাৰ টকা আৰু মোবাইল কাঢ়ি লৈ লাইট পোষ্টৰ লগত বান্ধি লৈ হত্যাৰ চেষ্টা চলায়। এনে সময়তে আগমণি আৰক্ষীয়ে পোৱা গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ মুনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিওঁ পলাই যাবলৈ সক্ষম হয়। পিছত মুনক গুৰুতৰ অৱস্থাত আগমণি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিওঁ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ। সম্প্ৰতি ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে যদিওঁ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে মুনৰ আত্মীয়ই।

Byte:- মুনৰ আত্মীয়

Conclusion:ইপিনে ঘটনা সংক্ৰান্তত আগমণি আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰা হৈছে যদিওঁ এই ঘটনাৰ সৈতে জড়িত থকা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.