ETV Bharat / jagte-raho

বিলাসীপাৰাত অব্যাহত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি

author img

By

Published : Aug 29, 2019, 9:24 PM IST

বিলাসীপাৰাত ৰাইজে জব্দ কৰে দুখনকৈ অবৈধ বালি কঢ়িওৱা বাহন ৷ ধুবুৰীৰ বন বিষয়া বিশ্বজিৎ ৰায় আৰু সাপটগ্ৰামৰ মাণ্ডলিক বন বিষয়া শম্ভু খানৰ নেতৃত্বতে অবৈধ বালিৰ মহলত খনন অব্যাহত আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷

বিলাসীপাৰাত অব্যাহত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি

বিলাসীপাৰা, 29 আগষ্টঃ বৃহস্পতিবাৰে বিলাসীপাৰাৰ চণ্ডীকাটাত ৰাইজে জব্দ কৰে দুখন অবৈধ বালি কঢ়িওৱা বাহন ৷ বন বিভাগৰ ছত্ৰছায়াত বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম বন কাৰ্যালয়ৰ অধীনস্থ শৌলমাৰী,পাটীমাৰী , ঢেমঢেমা, ভালুকমাৰী আদি ঠাইত অবৈধ ভাবে শিল বালি মহল চলি থকাৰ দীৰ্ঘদিনীয়া অভিযোগৰ পিচতে ৰাইজে জব্দ কৰে দুখনকৈ বাহন ৷

বিলাসীপাৰাত ৰাইজে জব্দ কৰে দুখনকৈ অবৈধ বালি কঢ়িওৱা বাহন

বিগত দিনত ৰাইজে সাপটগ্ৰাম বন কাৰ্যালয়ত এই বিষয়ে গুৰুতৰ অভিযোগ দাখিল কৰি আহিছে ৷ কিন্তু বন বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৰাইজৰ অভিযোগক ৷ অৱশেষত ৰাইজে বৃহস্পতিবাৰে বন্ধ কৰে দুখনকৈ অবৈধ বালি কঢ়িওৱা বাহন ৷ দুয়োখন বাহনেই ভুৱা চালানেৰে বালি কঢ়িয়াই আনিছিল ৷ ৰাইজে জব্দ কৰা দুয়োখন বাহন ক্ৰমে AS 19 A 0193 আৰু AS 17 B 8804ৰ এখনটো নাছিল কোনোধৰণৰ বৈধ নথি-পত্ৰ তথা চালান ৷

অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি

কিন্তু ৰাইজে জব্দ কৰা ট্ৰাক দুখনৰ চালানসমূহ বৈধ বুলি ৰাইজক জনায় বন বিষয়া শম্ভু খানে ৷ ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিশ্বজিৎ ৰায়ে একাংশ চোৰাং ব্যৱসায়ীৰ সৈতে অবৈধ লেন-দেন অব্য়াহত ৰাখি লাখ লাখ টকাৰ উৎকোচ লৈ আহিছে ৷

Intro:Anchor - বিলাসীপাৰাত অব্যাহত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি | বৃহস্পতিবাৰে বিলাসীপাৰাৰ
চণ্ডীকাটাত ৰাইজে জব্দ কৰিলে দুখন অবৈধ বালি কঢ়িওৱা বাহন | ভুৱা চালানেৰে বালি কঢ়িওৱাৰ অভিযোগ ৰাইজৰ |Body:V. O - বন বিভাগৰ ছত্ৰছায়াত বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম বন কাৰ্যালয়ৰ অধীনস্থ শৌলমাৰী,পাটীমাৰী , ঢেমঢেমা, ভালুকমাৰী আদি ঠাইত অবৈধ ভাবে শিল বালি মহল চলি থকাৰ অভিযোগ দীৰ্ঘ দিনীয়া | ইয়াৰ পিছতো কিন্তু সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে নীৰৱ ভুমিকা পালন কৰি অহাৰ অভিযোগ ৰাইজৰ | ৰাইজে দেখাই দিলেও উক্ত বন কাৰ্যালয়টোৰ বিষয়া কৰ্মীয়ে নেদেখে অবৈধ শিল বালিৰ ছিণ্ডিকেট চক্ৰক | ভুৱা চালানেৰে শিল বালি কঢ়িওৱা অবৈধ বাহন আজি ৰাইজে জব্দ কৰি দিয়াৰ পিছতো সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া শম্ভু খানে এয়া বৈধ বুলি কব বিচাৰিছে | বন বিষয়া জনৰ এনে কাৰ্যত ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে Conclusion:ৰাইজৰ মতে ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিশ্বজিৎ ৰায়ৰ লগতে সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে এনে অবৈধ মহল সমূহৰ লাখে লাখে টকা উৎকোচ গ্ৰহন কৰি হাত উজান দি আহিছে বুলি অভিযোগ উঠিছে | আজি ৰাইজে জব্দকৰা ট্ৰাক খনৰ নম্বৰ AS19-A - 0193 আৰু বলেৰ' পিকআপ খনৰ নম্বৰ AS 17B - 8804. পিছত ৰাইজৰ দাবীত অনিচ্ছা সত্বেও সাপটগ্ৰাম বন বিভাগে জব্দ কৰা বাহন দুখন সাপটগ্ৰাম বন কাৰ্যালয়লৈ লৈ যায় | ইয়াৰ পিছতো ৰাজ্যৰ বিয়াগোম বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই দুৰ্নীতি গ্ৰস্ত বন বিষয়া কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে ?
Byte স্থানীয় নাগৰিক |

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.