ETV Bharat / jagte-raho

কোভিড-19ৰ ফলত আঠুকাঢ়িছে নক্সালবাদীয়ে: আইজি সুন্দৰৰাজ পি

author img

By

Published : Jul 4, 2020, 9:39 PM IST

নক্সালৰ ঘাটি বষ্টৰৰ মাওবাদীসকলক আঠু কঢ়াইছে কোভিড-19ৰ পিচৰ লকডাউনে ৷ বিগত 3 মাহত হোৱা 17 টা সংঘৰ্ষত 10 টা মাওবাদী নিহত হোৱাৰ লগতে 89 টা মাওবাদী গ্ৰেপ্তাৰ কৰাৰ লগতে 26 টা মাওবাদীয়ে আত্মসমৰ্পন কৰিছে ৷

নক্সালৰ বিৰুদ্ধে বৃহৎ সফলতা
নক্সালৰ বিৰুদ্ধে বৃহৎ সফলতা

নিউজ ডেস্ক, 4 জুলাই : নক্সালবাদৰ ঘাটিস্বৰূপ, ছত্তিশগড়ত ক্ৰমান্বয়ে শক্তি হেৰুৱাইছে মাওবাদীয়ে ৷ কোভিড-19 আৰু তাৰ পিচৰ লকডাউনে এইসকল মাওবাদীক গাতৰ পৰা ওলাই আহিবলৈ বাধ্য কৰি তুলিছে ৷ লকডাউনৰ ফলক হোৱা সম্পদ আৰু খাদ্যৰ নাটনিয়ে ইয়াৰ মুল কাৰণ হিচাপে বিবেচিত হৈছে ৷ আইনৰ ওচৰত আঠু কাঢ়িবলৈ বাধ্য কৰাইছে কোভিড-19 আৰু তাৰ পিচত আৰোপ কৰা লকডাউনে ৷

নিৰাপত্তা বাহিনীৰ সহযোগত ৰাজ্যখনৰ আৰক্ষীয়ে নক্সালৰ বিৰুদ্ধে বৃহৎ সফলতা অৰ্জন কৰিছে ৷ ছত্তিশগড়ৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে প্ৰকাশ কৰা অনুসৰি, 23 মাৰ্চৰ পৰা 23 জুনৰ ভিতৰত বষ্টৰ আৰক্ষীয়ে চলোৱা নক্সালবিৰোধী অভিযানত 10গৰাকী মাওবাদীক নিধন কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ছত্তিশগড় চৰকাৰে প্ৰদান কৰা আঁচনিৰ সুবিধা লৈ বহুসংখ্যক মাওবাদীয়ে মুলসূঁতিলৈ উভটি আহিছে আৰু আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰকে ধৰি গুলি-বাৰুদ জব্দ কৰিবলৈ সক্ষম হৈছে ৷

তথ্য অনুসৰি, লকডাউনৰ সময়ত ছত্তিশগড়ৰ বষ্টৰ ডিভিজনৰ অন্তৰ্গত অঞ্চলত প্ৰায় 17 টা সংঘৰ্ষ হৈছে আৰু এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ দুগৰাকী জোৱান শ্বহীদ হৈছে ৷ এতিয়ালৈকে 89 গৰাকী মাওবাদীক আটক কৰা হৈছে, 26 গৰাকী মাওবাদীয়ে আত্মসমৰ্পন কৰিছে আৰু প্ৰায় 5 গৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে ৷ আৰক্ষীয়ে 20টা আইইডি উদ্ধাৰ কৰাৰ লগতে পাঁচটা আইইডি বিষ্ফোৰণ ঘটাবলৈ সক্ষম হৈছে ৷ ইয়াৰ লগতে লকডাউনৰ সময়চোৱাত 20টা অস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ বিগত তিনি মাহত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰে হোৱা সংঘৰ্ষত 6 গৰাকী অসামৰিক লোকো নিহত হৈছে ৷

লগতে পঢ়কঃ গাডচিৰৌলিত C-60 কামাণ্ডোৰ সৈতে সংঘৰ্ষত নক্সাল কামাণ্ডৰ নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.