নগাঁও, 28 অক্টোবৰ : মঙলবাৰে নিশা মাটিবাৰীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা । নগাঁৱৰ লাওগাঁৱত ভূমিক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় সংঘাটৰ । দুই ফৈদৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ ঘটনাত মহিলাসহ চাৰিজনকৈ লোক গুৰুতভাৱে আহত হয় । লাওগাঁৱৰ তাহেৰ উদ্দিন আৰু আনোৱাৰ হুছেইনৰ মাজত সৃষ্টি হয় সংঘাটৰ । তাহেৰ উদ্দিনৰ নেতৃত্বতেই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
সংঘাতত আহত মহিলাসহ চাৰিজনকৈ লোকক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । ঘটনা সন্দৰ্ভত স্থানীয় ইটাপাৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক : অত্যাচাৰ সহিব নোৱাৰি স্বামীক নৃশংসভাৱে হত্যাৰ চেষ্টা পত্নীৰ