গুৱাহাটী, 18 ডিচেম্বৰ : শুকুৰবাৰে চিআইডিয়ে দাখিল কৰিলে অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ বাচনি পৰীক্ষা কেলেংকাৰীৰ চাৰ্জশ্বীট । ২৬২১ পৃষ্ঠাজোৰা চাৰ্জশ্বীটত মুঠ ৩৬গৰাকী অভিযুক্তৰ প্ৰমাণ দিয়া হৈছে । ৩৭ গৰাকীৰ জাবানবন্দী, ফৰেনচিক ৰিপৰ্ট সংলগ্ন কৰা হৈছে এই চাৰ্জশ্বীটত । শেহতীয়াকৈ তদন্তত বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰিছে চিআইডিয়ে । আটাইকেইগৰাকী অভিযুক্তৰে সকলো তথ্য-প্ৰমাণ চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে ।
![SI কেলেংকাৰীৰ চাৰ্জশ্বীট দাখিল চিআইডিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cidchargesheet-as10002_18122020204927_1812f_1608304767_1103.jpg)
বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰা হৈছে SI পৰীক্ষা কেলেংকাৰীৰ চাৰ্জশ্বীট । শুকুৰবাৰে গুৱাহাটী উলুবাৰীস্থিত চিআইডিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে এগৰাকী শীৰ্ষ বিষয়াই ।
![SI কেলেংকাৰীৰ চাৰ্জশ্বীট দাখিল চিআইডিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cidchargesheet-as10002_18122020204927_1812f_1608304767_1103.jpg)
ইফালে চিআইডিৰ অভিযানত জব্দ হৈছিল ৬,২৬,৬৯,৪৪০ নগদ ধন, ৩২টা মোবাইল ফোন, ১১টা ভিডিঅ' ৰেকৰ্ডাৰ, ৫টা লেপটপ, ১০খন বাহন । এইসমূহ তথ্যও চাৰ্জশ্বীটৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিৱিষ্ট কৰা হৈছে ।
চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে প্ৰশান্ত কুমাৰ দত্ত, কুমাৰ সঞ্জীত কৃষ্ণ, সৰোজ শৰ্মা, ৰুবুল হাজৰিকা, দ্বিবন ডেকা, অক্ষয় চান্দ বৈদ, হীৰকজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি মুঠ ৩৬গৰাকী অভিযুক্তৰ নাম । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত চিআইডিয়ে ক্ষীপ্ৰ তদন্ত কৰি চাৰ্জশ্বীট দাখিল কৰা বুলি সংবাদমেলত উল্লেখ কৰে ৷
লগতে পঢ়ক : অৱশেষত জালত পৰিল দ্বিবন ডেকা