চিৰাং, 7 অক্টোবৰ : ৰাজ্য কপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ মুল অভিযুক্ত পি কে দত্তক মঙলবাৰে নেপালত গ্ৰেপ্তাৰৰ পিচত মাজনিশা পোনে পোনে আনি চিৰাং জিলা সদৰ কাজলগাঁওস্থিত আৰক্ষীৰ অতিথিশালাত কটকটীয়া নিৰাপত্তাৰ মাজত কোকৰাঝাৰ আৰক্ষীৰ পৰা চমজি লয় এ.ডি.জি.পি জিপি সিঙে । চিৰাঙত প্ৰায় এঘন্টা সময় জেৰা চলায় পিকে দত্তক ৷ তাৰ পিচতে নিশা ১.১৪ বজাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে এ.ডি.জি.পি জিপি সিঙে গুৱাহাটীলৈ লৈ যায় । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা দুৰত্ব বজাই চলিছিল আৰক্ষীয়ে । কোনো ধৰনৰ মন্তব্য প্ৰকাশৰ পৰা আঁতৰত আছিল আৰক্ষী । নেপাল সীমান্তৰ পৰা পশ্চিমবংগৰ শিলিগুৰি হৈ পোনে পোনে চিৰাঙলৈ আনে আৰু পৰৱৰ্তী সময়ত গুৱাহাটীলৈ লৈ যোৱা হয় পিকে দত্তক । বৰ্তমানে CIDৰ গুৱাহাটীস্থ কাৰ্য্যালয়ত মাৰাথন জেৰা চলাই থকা হৈছে ৷
লগতে পঢ়ক : গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্বহীদ মোজাম্মিল হকক স্মৰণ