ছয়গাঁও, 4 জুলাই : ছয়গাঁও আৰক্ষীৰ বিশেষ সফলতা ৷ দুবছৰ পূৰ্বে গোৱালপাৰাৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ শুকুৰবাৰে নিশাৰ ভাগত গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে চুৰি বাইকসহ আটক কৰে এগৰাকী চোৰক ৷
জানিব পৰা অনুসৰি, দুবছৰ পূৰ্বে গোৱালপাৰাৰ পৰা চুৰি হোৱা এখন গ্লেমাৰ বাইক ছয়গাঁও অঞ্চলত চলাই আছিল হবিবুৰ ৰহমান নামৰ চোৰটোৱে ৷ আৰক্ষীয়ে হবিবুৰ ৰহমানৰ লগতে AS 25 C 3013 পঞ্জীয়নভুক্ত ভুৱা নম্বৰযুক্ত বাইকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ইতিমধ্যে চোৰ হবিবুৰ ৰহমানক আটক কৰি আদালতলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃ ৰাজ্যত বানত মৃত্যু 35 জনৰ