বৰপেটাৰোড, 5 জানুৱাৰী : বন বিভাগৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেঙগাই মঙলবাৰে বন বিভাগত চাডেন ভিজিত কৰে ৷ বাক্সাৰ শালবাৰীৰ কালপানী আৰু গোৱৰ্ধনা অঞ্চলত আকস্মিক অভিযান চলাই নৱ নিযুক্ত কাৰ্যবাহী সদস্য গৰাকীয়ে ৷
উপস্থিত হৈয়ে বিষয়া গৰাকীয়ে অবৈধভাৱে শিল-বালি কঢ়িওৱা কেইবাখনো ডাম্পাৰ আৰু জেচিবি জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে,বিটিআৰৰ চাৰিখন জিলাত বন বিভাগত ব্যাপক দুৰ্নীতি হোৱা বুলি উল্লেখ কৰি বন বিভাগত দুৰ্নীতি কৰা কোনো লোক সাৰি যাব নোৱাৰে বুলিও হুংকাৰ দিয়ে ৷
তাৰোপৰি বেঁকী নৈত অবৈধভাৱে খনন কাৰ্যৰ উপৰিও পথৰ দাঁতিতে ক্ৰেচাৰ মিল,শিল ভঙা কাৰ্য,অবৈধভাৱে গছ-গছনি সৰবৰাহ,অবৈধ মহল বন্ধ কৰাৰ হুংকাৰ দি অবৈধ কৰ্মৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি বিহাৰ কথা উল্লেখ কৰে ৷
লগতে পঢ়ক : আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰ সন্থা: অতুল বৰা