শিৱসাগৰ, 20 ডিচেম্বৰ : শিৱসাগৰত পুনৰ সক্ৰিয় হৈ পৰিছে গাড়ী চুৰি চক্ৰ ৷ গাড়ীৰ চালকক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই গাড়ী লৈ উধাও চোৰৰ দল ৷ ঘটনাৰ সৈতে আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ জড়িত থকাৰ সম্ভাৱনা । চক্ৰৰ নেতৃত্বত আছে এগৰাকী যুৱতী ৷
শিৱসাগৰ জিলাৰ শিমলুগুৰি হাতীমুৰীয়া গাঁৱৰ লক্ষী শইকীয়াৰ AS O4 Y 6090 নম্বৰৰ TATA TIGOR গাড়ীখন শিমলুগুৰিৰ পৰা দুদিন পূৰ্বে অচিনাকী পুৰুষ মহিলাৰ এটা দলে ভাড়ালৈ লৈছিল ৷ ভাড়া লোৱাৰ পিছত দলটোৱে শিৱসাগৰৰ বিভিন্ন স্থান ভ্ৰমণ কৰাৰ লগতে ডিব্ৰুগড়ৰ বগীবিল দলং আৰু তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ লৈ যায় । পৰৱৰ্তী সময়ত ডিব্ৰুগড়ত চক্ৰটোৱে পেকেটত দিয়া খাদ্য গ্ৰহণ কৰাৰ পাছতেই সংজ্ঞাহীন হৈ পৰে চালক তথা গাড়ীৰ মালিক লক্ষী শইকীয়া ৷
পৰৱৰ্তী সময়ত শনিবাৰে গোলাঘাট জিলাৰ ৰঙাজানত সংজ্ঞাহীন অৱস্থাত শইকীয়াক উদ্ধাৰ কৰাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা । গোলাঘাট আৰক্ষীয়ে অচেতন লক্ষী শইকীয়াক উদ্ধাৰ কৰি পত্নীক অৱগত কৰাৰ পাছতেই স্পষ্ট হয় শইকীয়া গাড়ী চুক্ৰি চক্ৰৰ কবলত পৰা বিষয়টো ।
বৰ্তমান লক্ষী শইকীয়াক পৰিয়ালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাইছে । চিকিৎসাধীন অৱস্থাত থকা লক্ষী শইকীয়া বৰ্তমানেও অৰ্ধচেতন অৱস্থাতে আছে । আনহাতে লক্ষী শইকীয়াৰ পত্নী জান শইকীয়াই শিৱসাগৰ সদৰ থানাত ঘটনা সম্পৰ্কত এজাহাৰ দাখিল কৰিছে ।
উল্লেখ্য যে শিৱসাগৰ জিলাখন অসম-নাগালেণ্ড সীমান্তৱৰ্তী হোৱাৰ অচিলাৰে শিৱসাগৰ আন্তঃৰাজ্যিক চোৰৰ ঘাটি হৈ পৰিছে । কুখ্যাত গাড়ী চোৰ বুবু কোঁৱৰৰ নেতৃত্বত গাড়ী চুৰি চক্ৰটোৱে সমগ্ৰ জিলাখনত দীৰ্ঘদিনে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ লগতে আৰক্ষীৰো নিদ্ৰাহৰণ কৰিছিল । অৱশ্যে কিছু দিন পূৰ্বে গাড়ী চোৰ বুবু কোঁৱৰ আৰক্ষী জালত পৰি ৰঙাঘৰলৈ যোৱাৰ পাছত ৬ মাহ মান ৰাইজ তথা আৰক্ষীয়ে স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও পুনৰ গাড়ী চুৰি কাণ্ড সংঘটিত হোৱাত শংকিত হৈ পৰিছে শিৱসাগৰবাসী ।
লগতে পঢ়ক : আগ্ৰাৰ ৰাজপথত দিনতে অধিবক্তাক গুলিয়াই হত্যা