হোজাই,10 নৱেম্বৰ: নিযুক্তিৰ নামত এইবাৰ ৰাজ্যত জাল পাতিছে প্ৰৱঞ্চকৰ দলে ৷ এনে এক প্ৰৱঞ্চকৰ জালত পৰিছে হোজাইৰ এটা 10 জনীয়া যুৱকৰ দল ৷ ঘটনাৰ বিৱৰণী অনুসৰি, হোজাইৰ 10 গৰাকী যুৱকক যমুনামুখ বকুলগুৰিৰ প্ৰশান্ত বৰা নামৰ লোকজনে চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে উত্তৰাখণ্ডৰ ডেৰাডুনলৈ মাতি নিয়ে ৷ বিগত 4 ছেপ্তেম্বৰত দলটোৱে ব্যক্তিগৰাকীৰ কথা অনুসৰি ডেৰাডুনলৈ যাত্ৰা কৰে ৷ প্ৰায় দুমাহৰ প্ৰশিক্ষণৰ অন্তত যুৱককেইজনক এৰি হঠাতে অন্তৰ্ধান হয় প্ৰশান্ত বৰা নামৰ ব্যক্তিগৰাকী ৷ ব্যক্তিগৰাকীৰ এনে আকস্মিক পলায়নৰ বাবে বহিঃৰাজ্যতে আৱদ্ধ হৈ পৰে যুৱকৰ দলটো ৷
অৱশেষত লংকা আৰু উত্তৰাখণ্ড আৰক্ষীৰ তৎপৰতাত ডেৰাডুনত আৱদ্ধ হৈ থকা যুৱকৰ দলটোক উদ্ধাৰ কৰা হয় ৷ ইফালে প্ৰৱঞ্চক প্ৰশান্ত বৰাই যুৱক কেইজনক ডেৰাডুনৰ এক গেষ্ট হাউচত ৰাখি প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ উক্ত প্ৰশিক্ষণৰ অন্তত যুৱক কেইজনক চাকৰিত নিযুক্তি দিয়াৰ কথা ব্যক্ত কৰিছিল প্ৰৱঞ্চক গৰাকীয়ে ৷ উপায়বিহীন যুৱকৰ দলটোৱে ছ’চিয়েল মেডিয়াৰ জৰিয়তে এই সন্দৰ্ভত এক ভিডিঅ’ শ্বেয়াৰ কৰাত সমগ্ৰ বিষয় পোহৰলৈ আহে ৷
লগতে চাওকঃ COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য