ETV Bharat / jagte-raho

উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী; পোহৰলৈ আহিছে বঙাইগাঁওৰ ব্যৱসায়ীৰ নাম

author img

By

Published : Sep 30, 2020, 10:49 PM IST

ৰাজ‍্য কপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীত বঙাইগাঁও জিলাৰ ব‍্যৱসায়ীৰ নাম সাঙোৰ খাইছে । মন্ত্ৰী ফণীভূষণ চৌধুৰী জড়িত থকাৰ অভিযোগো উত্থাপন হৈছে ।

উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী; পোহৰলৈ আহিছে বঙাইগাঁওৰ ব্যৱসায়ীৰ নাম
উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী; পোহৰলৈ আহিছে বঙাইগাঁওৰ ব্যৱসায়ীৰ নাম

চিৰাং, 30 ছেপ্টেম্বৰ : ৰাজ্যত সংঘটিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীত নাম সাঙোৰ খাইছে বঙাইগাঁৱৰ ব‍্যৱসায়ীৰ ৷ যোগান মন্ত্ৰীৰ অতিকে ঘনিষ্ঠ বঙাইগাঁওৰ ব‍্যৱসায়ীৰ নাম সাঙোৰ খোৱাত বঙাইগাঁও জিলাৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী
অক্ষয় টেলি কমিনিকেচনৰ স্বত্বাধিকাৰী

এই কেলেংকাৰী সন্দৰ্ভত বঙাইগাৱঁৰ এজন ব্যৱসায়ীৰ অক্ষয় টেলি কমিনিকেচনৰ তথ্য পোহৰলৈ আহিছে ৷ এই বিৰ্তকিত ব্যৱসায়ীজন বঙাইগাঁৱৰ বিধায়ক তথা যোগান মন্ত্ৰীৰ একান্ত ঘনিষ্ঠ, সোঁহাত স্বৰূপ ৷

সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যৰ প্ৰতিক্ৰিয়া

মন্ত্ৰীগৰাকীও এই কেলেংকাৰীত জড়িত হোৱাৰ সম্ভাৱনা কৰি তদন্তৰ আওতাত আনিবলৈ দাবী কৰে বঙাইগাঁওৰ কেবাটাও সংগঠনৰ নেতাসকলে ৷ চিবিআইৰ তদন্তৰ আওতাত এই অক্ষয় টেলি কমিনিউকেচনক আনিবলৈ দাবী কৰিছে বঙাইগাঁৱৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নন্দন দেৱ নাথ আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্য়োতিৰ্ময় বৈশ্যই ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নন্দন দেৱ নাথৰ প্ৰতিক্ৰিয়া

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰী তদন্তৰ নামত ভেকোভাওনা হোৱাৰ অভিযোগ তুলি প্ৰকৃত দোষীক গ্ৰেপ্তাৰ নকৰি কেইজনমান যুৱকক গ্ৰেপ্তাৰ কৰি দায় সাৰিব খুজিছে এইখন বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৷ ইয়াৰ তদন্ত যদি ভালদৰে হয় তেন্তে ইয়াৰ সৈতে অসম চৰকাৰৰ নেতা-মন্ত্ৰী জড়িত থকাৰ তথ‍্য পোহৰলৈ অহাটো নিশ্চিত বুলিও দাবী কৰিছে বহু দল সংগঠনৰ নেতৃত্বই ।

লগতে পঢ়ক : বৰপেটাত উন্মোচন "কলিতা জাতিৰ ইতিহাস" শীৰ্ষক গৱেষণামূলক গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.